4 কৰ্মকাৰীৰ বেচ অনুগ্ৰহৰ পৰা বুলি গণিত নহয়, কিন্তু সেয়া পাবলগীয়া বুলিহে গণিত হয়।
5 কিন্তু যি জন কৰ্মকাৰী নহয় কিন্তু অধাৰ্মিক সকলক ধাৰ্মিক বুলি গণিত কৰা জনক বিশ্বাস কৰে, তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে প্ৰমাণিত হয়।
6 এইদৰে দায়ুদেও কৈছিল, ‘সেই ব্যক্তি ধন্য যি ব্যক্তিৰ ধাৰ্মিকতা ঈশ্বৰে গণনা কৰে কিন্তু তেওঁৰ কৰ্মৰ দ্বাৰা নহয়’,
7 এই বিষয়ে কোৱা আছে, বোলে- “যি সকলৰ অধৰ্ম ক্ষমা কৰা হ’ল, আৰু যি সকলৰ পাপ ঢকা হ’ল, তেওঁলোক ধন্য;
8 যি মানুহৰ অৰ্থে প্ৰভুৱে পাপ গণনা নকৰিব, তেওঁ ধন্য।”
9 তেনেহলে সেই ধন্যবাদ কেৱল চুন্নৎ হোৱা সকললৈ নে, নে কেৱল অচুন্নৎ সকললৈ হয়? কিয়নো আমি কওঁ, “অব্ৰাহামৰ বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল;”
10 তেনেহলে কি ধৰণে গণিত হ’ল? তেওঁ চুন্নৎ হোৱা অৱস্থাত, নে চুন্নৎ নোহোৱা অৱস্থাত? চুন্নৎ হোৱা অৱস্থাত নহয় কিন্তু চুন্নৎ নোহোৱা অৱস্থাতহে গণিত হ’ল।
11 চুন্নৎ নোহোৱা অৱস্থাত অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই যি ধাৰ্মিকতা আছিল, তাৰ ছাব স্বৰূপে তেওঁ সেই চুন্নতৰূপ চিন পাইছিল, যাতে চুন্নৎ নোহোৱা অৱস্থাত বিশ্বাস কৰা সকলোৰে তেওঁ পিতৃ হয় আৰু ধাৰ্মিকতা যেন তেওঁলোকলৈ গণিত হয়;
12 আৰু যাতে তেওঁ কেৱল চুন্নৎ হোৱা সকলৰ পিতৃ নহয় কিন্তু আমাৰ পিতৃ অব্ৰাহামৰ অচুন্নৎ অৱস্থাত যি বিশ্ৱাস আছিল, সেই লোক সকলেও যদি অব্ৰাহামৰ বিশ্বাসৰ পথত চলে তেনেহলে তেওঁলোকো অব্ৰাহামৰ সন্তান৷
13 কিয়নো সেই প্ৰতিজ্ঞা অব্ৰাহাম বা তেওঁৰ বংশলৈ কৰা হৈছিল যে, তেওঁ জগতৰ উত্তৰাধিকাৰী হ’ব, সেয়ে বিধানৰ দ্বাৰাই নহয়, কিন্তু তেওঁৰ বিশ্বাসৰ ধাৰ্মিকতাৰ দ্বাৰাইহে হৈছিল৷
14 কিয়নো বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱা সকল যদি উত্তৰাধিকাৰী হয়, তেনেহলে বিশ্বাস ব্যৰ্থ হ’ল আৰু সেই প্ৰতিজ্ঞাও বিফল হ’ল;