Text copied!
Bibles in Assamese

ৰোমীয়া 3:9-18 in Assamese

Help us?

ৰোমীয়া 3:9-18 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

9 তেনেহলে কি? আমি আনতকৈ উত্তম নে? কোনোমতে নহওঁ; কিয়নো আমি আগেয়ে দুয়ো ইহুদী আৰু গ্ৰীক সকলক এই দায় দিলোঁ যে তেওঁলোক সকলোৱেই পাপৰ অধীন৷
10 এই বিষয়ে লিখাও আছে, “ধাৰ্মিক কোনো নাই; এজনো নাই৷
11 বিবেচক কোনো নাই৷ ঈশ্বৰক বিচৰাও কোনো নাই৷
12 সকলো অপথে গ’ল, একেবাৰে অকৰ্মন্য হ’ল; সদাচৰণকাৰী কোনো নাই, এজনো নাই।
13 সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা৷ সিহঁতে জিভাৰে প্ৰতাৰণা কৰে৷ সিহঁতৰ ওঠৰ তলত কালসৰ্পৰ বিষ থাকে৷
14 সিহঁতৰ মুখ অভিশাপ আৰু কটুবাক্যৰে পৰিপূৰ্ণ৷
15 সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী৷
16 সিহঁতৰ সকলো পথত বিনাশ আৰু দূৰ্দশা হয়৷
17 সিহঁতে শান্তিৰ পথ নাজানিলে৷
18 সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই৷”
ৰোমীয়া 3 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019