7 কিন্তু মোৰ মিছাৰ দ্বাৰাই যদি ঈশ্বৰৰ সত্যতা তেওঁৰ মহিমাৰ অৰ্থে উপচি পৰে, তেনেহলে আকৌ পাপী বুলি এতিয়াও মোৰ কিয় সোধ-বিচাৰ কৰা হয়?
8 “ভালৰ অৰ্থে কুকৰ্ম কৰোঁহক,” এই কথাষাৰ আমি কৈছোঁ বুলি যেনেকৈ কোনো লোকে আনৰ আগত আমাৰ নিন্দা কৰি কয়, তেনেকৈ আমিও কিয় নকওঁ? এনে কথা কোৱা সকলৰ ন্যায় দণ্ডাজ্ঞাৰ যোগ্য।
9 তেনেহলে কি? আমি আনতকৈ উত্তম নে? কোনোমতে নহওঁ; কিয়নো আমি আগেয়ে দুয়ো ইহুদী আৰু গ্ৰীক সকলক এই দায় দিলোঁ যে তেওঁলোক সকলোৱেই পাপৰ অধীন৷
10 এই বিষয়ে লিখাও আছে, “ধাৰ্মিক কোনো নাই; এজনো নাই৷
11 বিবেচক কোনো নাই৷ ঈশ্বৰক বিচৰাও কোনো নাই৷
12 সকলো অপথে গ’ল, একেবাৰে অকৰ্মন্য হ’ল; সদাচৰণকাৰী কোনো নাই, এজনো নাই।
13 সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা৷ সিহঁতে জিভাৰে প্ৰতাৰণা কৰে৷ সিহঁতৰ ওঠৰ তলত কালসৰ্পৰ বিষ থাকে৷
14 সিহঁতৰ মুখ অভিশাপ আৰু কটুবাক্যৰে পৰিপূৰ্ণ৷
15 সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী৷
16 সিহঁতৰ সকলো পথত বিনাশ আৰু দূৰ্দশা হয়৷
17 সিহঁতে শান্তিৰ পথ নাজানিলে৷
18 সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই৷”
19 আমি জানো যে বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়৷
20 কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহ তেওঁৰ আগত ধাৰ্মিক বুলি প্ৰমাণিত নহ’ব; কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে।
21 কিন্তু এতিয়া, যি বিষয়ত বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলে সাক্ষ্য দিলে, ঈশ্বৰে এনে বিষয়ত ধাৰ্মিকতা বিনাবিধানে প্ৰকাশিত কৰিছে;
22 ঈশ্বৰৰ সেই ধাৰ্মিকতা যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া হয়, কিয়নো ঈশ্ৱৰত কোনো প্ৰভেদ নাই৷