Text copied!
Bibles in Assamese

ৰোমীয়া 3:23-28 in Assamese

Help us?

ৰোমীয়া 3:23-28 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ’ল,
24 কিন্তু খ্ৰীষ্ট যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি প্ৰমাণিত হ’ল।
25 কাৰণ ঈশ্বৰে যীচু খ্ৰীষ্টক তেওঁৰ তেজৰ দ্ৱাৰাই বিশ্বাসৰ প্ৰতিকাৰ স্ৱৰূপে, তেওঁৰ ধৈৰ্য-গুণত, পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে, নিজ ধাৰ্মিকতা দেখুৱাবলৈ, তেওঁ যীচু খ্ৰীষ্টক দান কৰিলে৷
26 তেওঁ পুত্ৰ যীচুক দান কৰি আজিও দেখুৱাই যে, তেওঁ ন্যায়ৱান৷ ঈশ্বৰে এই কাৰ্য কৰিছে যাতে, তেওঁৰ ন্যায়পৰায়ণতা থাকে আৰু যদি কোনোৱে যীচুত বিশ্বাস কৰে, তেৱোঁ যেন ধাৰ্মিক ৰূপে প্ৰমাণিত হয়৷
27 তেনেহ’লে আত্ম-শ্লাঘা ক’ত? তাক দূৰ কৰা হ’ল। কেনেকুৱা বিধানেৰে? কৰ্মবোৰৰ দ্বাৰাই নে? নহয়; বিশ্বাসৰ বিধানেৰেহে।
28 এতেকে আমি সিদ্ধান্ত কৰিছোঁ যে, বিধানৰ কৰ্মৰ দ্বাৰা নহয়, বিশ্বাসেৰেহে মানুহ ধাৰ্মিক বুলি প্ৰমাণিত হয়৷
ৰোমীয়া 3 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019