Text copied!
Bibles in Assamese

ৰোমীয়া 16:21-27 in Assamese

Help us?

ৰোমীয়া 16:21-27 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 মোৰ সহকাৰী তীমথিয় আৰু স্বজাতীয় লুকিয়া, যাচোন আৰু চোচিপাত্ৰ, এওঁলোকে আপোনালোকক মঙ্গলবাদ কৰিছে।
22 আৰু এই পত্ৰ লিখক যি মই, তৰ্ত্তিয়ই, প্ৰভুত আপোনালোকক মঙ্গলবাদ কৰিছোঁ।
23 মোৰ আৰু গোটেই মণ্ডলীৰ আলহী শুশ্ৰূষা কৰোঁতা গায়ে আপোনালোকক মঙ্গলবাদ কৰিছে। এই নগৰৰ ভঁৰালী ইৰাস্তচে আৰু ক্বাৰ্ত্ত ভায়ে আপোনালোকক মঙ্গলবাদ কৰিছে।
24 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকললৈ হওক৷
25 এতিয়া যীচু খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্রচাৰ কৰিলোঁ, সেই শুভবাৰ্তাৰ মাধ্যমত আপোনালোকক স্থিৰ ৰাখিবলৈ ঈশ্বৰৰ ক্ষমতা আছে৷ অনাদি কালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল, কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে আৰু সেইদৰেই মই প্ৰচাৰো কৰিলোঁ৷
26 সম্প্ৰতি অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে ভাববাদী সকলে লিখা শাস্ত্ৰৰ দ্বাৰাই এতিয়া প্ৰকাশিত হ’ল আৰু আজ্ঞাধীনতাৰ কাৰণে সকলো অনা-ইহুদী লোকৰ আগত জনোৱা হ’ল৷
27 যি একমাত্ৰ প্ৰজ্ঞাৱান ঈশ্বৰ, যীচু খ্ৰীষ্টৰ দ্বাৰাই, তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।
ৰোমীয়া 16 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019