28এতেকে মই যেতিয়া সেই কাৰ্য সমাপ্ত কৰিম, অৰ্থাৎ সেই দান ৰূপ ফল প্ৰমাণসিদ্ধ কৰি তেওঁলোকক শোধাই দিয়াৰ পাছত, মই স্পেইন দেশৰ যাত্ৰাত থাকোতে অাপোনালোকৰ ওচৰলৈ যাম।
29আৰু মই জানো যে, আপোনালোকৰ ওচৰলৈ যাওঁতে, খ্ৰীষ্টৰ আশীৰ্বাদৰ পৰিপূৰ্ণতাৰে যাম।
30হে ভাই সকল, মই অনুৰোধ কৰোঁ, প্ৰভু যীচু খ্ৰীষ্টৰ নামৰ দ্বাৰাই আৰু পবিত্ৰ আত্মাৰ প্ৰেমৰ দ্বাৰাই আপোনালোকে মোৰ অৰ্থে, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰক আৰু মোৰে সৈতে প্ৰাণপণে যত্ন কৰক;