Text copied!
Bibles in Assamese

ৰোমীয়া 15:14-33 in Assamese

Help us?

ৰোমীয়া 15:14-33 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 হে মোৰ ভাই সকল, আপোনালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে, আপোনালোক সকলোৱে জ্ঞানত আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ মঙ্গলভাৱত পৰিপূৰ্ণ হৈ আছে।
15 কিয়নো ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে, আপোনালোকক পুনৰ সোঁৱৰাবলৈ কিছুমান বিষয়ত বেছি সাহসেৰে লিখিলোঁ৷
16 অনা-ইহুদী সকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হয়, এই আশয়েৰে, মই অনা-ইহুদী সকলৰ বাবে খ্ৰীষ্ট যীচুৰ সেৱকৰূপে, ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ৷
17 এতেকে, ঈশ্বৰ সম্বন্ধীয় কাৰ্যৰ বিষয়ে, খ্ৰীষ্ট যীচুত মোৰ শ্লাঘা আছে।
18 কিয়নো মই যে কোনো কাম কৰিছোঁ, এনে কথা মই কোৱা নাই৷ মোৰ বাক্য আৰু কাৰ্যৰ দ্বাৰা অনা-ইহুদী সকলক ঈশ্বৰৰ বাধ্য কৰিবৰ বাবে খ্ৰীষ্টই মোৰ যোগেদি যি কৰিছে, ইয়াৰ বাহিৰে আন একো কথা কবলৈ সাহস নকৰোঁ৷
19 তেওঁ আচৰিত চিন আৰু আলৌকিক কার্য আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্ৱাৰাই এই সকলো সাধন কৰিলে; তাতে মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলোঁ৷
20 এইদৰে য’ত খ্ৰীষ্টৰ নাম কেতিয়াও প্ৰচাৰ কৰা হোৱা নাই, সেই ঠাইত খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰাই মোৰ লক্ষ্য৷ অন্য লোকে স্থাপন কৰা মূলৰ ওপৰত সাজিবলৈ মই নিবিচাৰিলোঁ৷
21 যেনেকৈ লিখা আছে, বোলে, “যি সকলৰ আগত তেওঁৰ বিষয়ে সম্বাদ দিয়া নাই, তেওঁলোকে দেখিব, আৰু যি সকলে শুনা নাই, তেওঁলোকে বুজিব৷”
22 এই কাৰণে মই আপোনালোকৰ ওচৰলৈ যাবৰ বাবে অনেকবাৰ বাধা পালোঁ;
23 কিন্তু এতিয়া এইবোৰ অঞ্চলত মোৰ কাৰ্য কৰিবলৈ ঠাই নাই, আৰু বহু বছৰ ধৰি আপোনালোকৰ ওচৰত যাবলৈ ইচ্ছা কৰিছিলোঁ৷
24 যেতিয়া মই স্পেইন দেশলৈ যাত্ৰা কৰিম, মই আশা কৰোঁ যে, মই আপোনালোকক দেখা পাম আৰু তেতিয়া আপোনালোকৰ কথাত কিছু সময় তৃপ্ত হৈ, পাছত আপোনালোকৰ দ্ৱাৰাই তালৈ আগবঢ়াই থোৱা হ’ম৷
25 কিন্তু মই এতিয়া পবিত্ৰ লোকৰ পৰিচৰ্যাৰ অৰ্থে যিৰূচালেমলৈ যাওঁ।
26 কিয়নো মাকিদনিয়া আৰু আখায়া দেশীয় লোক সকলে যিৰূচালেমত থকা পবিত্ৰ লোক সকলৰ মাজৰ দৰিদ্ৰ সকলৰ অৰ্থে, কিছু দান কৰিবলৈ ভাল দেখিলে।
27 হয়, তেওঁলোকে সেই বিষয়ে সন্তোষজনক দেখিলে আৰু প্ৰকৃততে তেওঁলোকে যিৰূচালেমত থকা পবিত্ৰ লোক সকলৰ ধৰুৱাও আছিল৷ কিয়নো অনা-ইহুদী সকল যদি অপার্থিৱ বিষয়ত তেওঁলোকৰ সহভাগী হ’ল, তেনেহলে পার্থিৱ বিষয়তো তেওঁলোকৰ শুশ্ৰূষা কৰিবলৈ ধৰুৱা হ’ল।
28 এতেকে মই যেতিয়া সেই কাৰ্য সমাপ্ত কৰিম, অৰ্থাৎ সেই দান ৰূপ ফল প্ৰমাণসিদ্ধ কৰি তেওঁলোকক শোধাই দিয়াৰ পাছত, মই স্পেইন দেশৰ যাত্ৰাত থাকোতে অাপোনালোকৰ ওচৰলৈ যাম।
29 আৰু মই জানো যে, আপোনালোকৰ ওচৰলৈ যাওঁতে, খ্ৰীষ্টৰ আশীৰ্বাদৰ পৰিপূৰ্ণতাৰে যাম।
30 হে ভাই সকল, মই অনুৰোধ কৰোঁ, প্ৰভু যীচু খ্ৰীষ্টৰ নামৰ দ্বাৰাই আৰু পবিত্ৰ আত্মাৰ প্ৰেমৰ দ্বাৰাই আপোনালোকে মোৰ অৰ্থে, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰক আৰু মোৰে সৈতে প্ৰাণপণে যত্ন কৰক;
31 যাতে যিহুদীয়াত থকা আজ্ঞা নমনা সকলৰ পৰা মই যেন ৰক্ষা পাওঁ আৰু যিৰূচালেমলৈ মোৰ যি পৰিচৰ্যা, সেয়ে পবিত্ৰ লোক সকলৰ আগত যেন গ্ৰহণীয় হয়৷
32 আৰু ঈশ্বৰৰ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ আনন্দেৰে গৈ, আপোনালোকৰ সৈতে যেন মোৰ প্ৰাণ জুৰাব পাৰিম৷
33 শান্তিৰ আকৰ ঈশ্বৰ আপোনালোক সকলোৰে লগত থাকক। আমেন।
ৰোমীয়া 15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019