13 এতিয়া অনা-ইহুদী লোক যি আপোনালোক, আপোনালোকক মই কৈছোঁ। যেতিয়ালৈকে মই অনা-ইহুদী সকলৰ নিযুক্ত পাঁচনি হৈ আছোঁ, মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছোঁ;
14 কিজানি কোনোমতে মোৰ স্বজাতীয় সকলৰ অন্তৰ্জ্বালা জন্মাই, তেওঁলোকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰোঁ।
15 কিয়নো তেওঁলোকক ত্যাগ কৰাই যদি জগতৰ মিলন হয়, তেনেহলে তেওঁলোকক গ্ৰহন কৰাই মৃত সকলৰ জীৱন লাভৰ বাহিৰে আনকি হ’ব পাৰে?
16 যদি সনা পিঠাগুড়িৰ প্ৰথম ভাগ পবিত্ৰ, তেনেহলে গোটেই লদাই পবিত্ৰ; আৰু যদি শিপা পবিত্ৰ, তেনেহলে ডালবোৰো পবিত্ৰ।
17 কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ’ল আৰু আপুনি বনৰীয়া জলফাই গছ হৈয়ো, যদি সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হ’ল আৰু আপুনি জলফাইৰ শিপাৰ ৰসৰ সহভাগী হ’ল,
18 তেনেহলে ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিব। যদিও দৰ্প কৰে, তথাপি আপুনি যে শিপাক ভৰণ-পোষণ দি আছে, এনে নহয়, কিন্তু শিপাইহে আপোনাক ভৰণ-পোষণ দি আছে৷
19 ইয়াতে আপুনি ক’ব, “মোক কলম স্বৰূপে লগাবলৈহে ডালবোৰ ভাঙি পেলোৱা হ’ল।”
20 সঁচা, তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হ’ল, আপুনি হ’লে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছে। উচ্চমনা নহ’ব, বৰং ভয় কৰক৷
21 কাৰণ যদি ঈশ্বৰে স্বাভাৱিক ডালবোৰক মৰম নকৰিলে, তেনেহলে আপোনাকো মৰম নকৰিব।