Text copied!
Bibles in Assamese

হোচ 2:3-6 in Assamese

Help us?

হোচ 2:3-6 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 সেয়ে নহ’লে মই তাইক নগ্ন কৰিম আৰু তাই জন্ম হোৱাৰ দিনা যেনেকৈ উলঙ্গ আছিল, তাইৰ অৱস্থা তেনে কৰিম। মই তাইক মৰুভূমিৰ নিচিনা কৰিম; খৰাং মাটিলৈ পৰিণত কৰিম আৰু তাইক পিয়াহত মৰিবলৈ দিম।
4 মই তাইৰ ল’ৰা-ছোৱালীবোৰক দয়া নকৰিম; কাৰণ তেওঁলোক বেশ্যাৰ সন্তান।
5 তেওঁলোকৰ মাকে বেশ্যাকৰ্ম কৰিলে; যি গৰাকীয়ে তেওঁলোকক গৰ্ভধাৰণ কৰিছিল, তাই লাজ লগা কর্ম কৰিলে। কাৰণ তাই কৈছিল, “মই মোৰ প্রেমিকসকলৰ পাছত যাম; তেওঁলোকেই মোক খোৱা-বস্তু আৰু পানী, ঊণ আৰু শণ সূতা, তেল আৰু পানীয় দিয়ে।”
6 সেই কাৰণে, মই কাঁইটেৰে তাইৰ পথ বন্ধ কৰিম; মই তাইৰ অহিতে এখন দেৱাল সাজিম যাতে তাই নিজৰ পথ বিচাৰি পাব নোৱাৰে।
হোচ 2 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019