Text copied!
Bibles in Assamese

হিতো 8:3-14 in Assamese

Help us?

হিতো 8:3-14 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 তাৰ উপৰিও নগৰৰ প্ৰবেশস্থানত, আৰু নগৰৰ দুৱাৰৰ ওচৰত থাকি ৰিঙিয়াই কয়,
4 “হে লোকসকল, মই তোমালোকক মাতিছোঁ; আৰু মানৱজাতিৰ সন্তান সকলৰ বাবে মই উচ্ছস্বৰে কওঁ।
5 যিসকল শিক্ষিত নহয়, তেওঁলোকে সুবুদ্ধিক বুজা উচিত, আৰু যিসকলে জ্ঞানক ঘিণ কৰে, তেওঁলোকৰ সুবিবেচনাৰ হৃদয় থকা উচিত।
6 শুনা, মই উত্তম বিষয়ৰ কথা কওঁ, আৰু যেতিয়া মোৰ মুখ মেলোঁ, তেতিয়া মই সত্য কথা কওঁ।
7 কিয়নো মোৰ মুখে বিশ্বাসযোগ্য কথা কয়, আৰু মোৰ ওঁঠে দুষ্টতা ঘিণ কৰে।
8 মোৰ মুখৰ সকলো কথা ন্যায়পৰায়ণ; সেইবোৰৰ মাজত বিকৃত, বা বিভ্রান্তিজনক বিষয়ৰ কথা নাথাকে।
9 যি সকলে বুজি পাই, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ স্পষ্ট; যি সকলে জ্ঞান লাভ কৰে, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ সত্য।
10 ৰূপতকৈ মোৰ শিক্ষা, আৰু শুদ্ধ সোণতকৈয়ো জ্ঞান গ্ৰহণ কৰা।
11 কিয়নো প্রজ্ঞা পদ্মৰাগতকৈয়ো উত্তম, তুমি ইচ্ছা কৰা কোনো বস্তুকে তাৰ লগত তুলনা কৰিব নোৱাৰি।
12 মই প্ৰজ্ঞাই সুবুদ্ধিয়ে সৈতে বাস কৰোঁ, আৰু মই জ্ঞান আৰু বিবেচনা লাভ কৰোঁ।
13 যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; মই অহংকাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।
14 মোৰ ভাল পৰামৰ্শ আৰু গভীৰ প্রজ্ঞা আছে; সুক্ষ্মদৃষ্টি আৰু পৰাক্ৰম মোৰেই।
হিতো 8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019