Text copied!
Bibles in Assamese

হিতো 8:15-27 in Assamese

Help us?

হিতো 8:15-27 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 মোৰ দ্বাৰাই ৰজাসকলে ৰাজত্ব কৰে, অভিজাত লোকসকল আৰু ন্যায়েৰে যিসকল লোকে শাসন কৰে, সেইসকলো মোৰেই।
16 অধিপতি, অভিজাত, আৰু যিসকলে ন্যায়েৰে শাসন কৰে, সেই সকলে মোৰ দ্বাৰাই কৰে।
17 যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক বিচাৰি পায়।
18 ঐশ্চৰ্য্য আৰু মান মৰ্য্যদা মোৰ লগতে আছে, এনে কি অক্ষয় সম্পত্তি আৰু ধাৰ্মিকতা আছে।
19 সোণতকৈ আৰু শুদ্ধ সোণতকৈয়ো মোৰ ফল উত্তম; শুদ্ধ ৰূপতকৈয়ো মই যি উৎপন্ন কৰোঁ সেয়া উত্তম।
20 মই যি পথেৰে যাওঁ, সেই পথ শুদ্ধ; সেই পথে ন্যায়লৈ লৈ যায়।
21 সেয়ে যিসকলে মোক ভাল পায় তেওঁলোকক মই উত্তৰাধিকাৰ দিওঁ, আৰু তেওঁলোকৰ ভঁৰাল পৰিপূৰ্ণ কৰিম।
22 যিহোৱাই আৰম্ভণীৰে পৰা মোক সৃষ্টি কৰিলে- পূৰ্বৰ দৰেই তেওঁৰ প্রথম কাৰ্য।
23 অনাদি কালৰ পৰা, পৃথিবীৰ আৰম্ভণীৰে পৰা মই স্থাপিত হৈ আছোঁ।
24 মহাসাগৰৰ আগতে, আৰু পানীৰ ভুমুকবোৰ হোৱাৰ আগতে, মোক জন্ম দিয়া হৈছিল।
25 পৰ্ব্বতবোৰ স্থাপন হোৱাৰ আগতে, আৰু পাহাৰবোৰৰ পূর্বেই, মোৰ জন্ম হৈছিল।
26 যিহোৱাই পৃথিৱী বা পথাৰবোৰ সৃষ্টিৰ কৰাৰ আগতে, এনেকি পৃথিৱীত উৎপন্ন হোৱা প্রথম ধূলিৰ আগতে মোৰ জন্ম হৈছিল।
27 তেওঁ স্বৰ্গ স্থাপন কৰা সময়ত, আৰু তেওঁ অগাধ জলত দিগন্তৰ সীমা নিৰূপণ কৰোঁতে, মই সেই ঠাইত আছিলোঁ।
হিতো 8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019