Text copied!
Bibles in Assamese

হিতো 7:19-25 in Assamese

Help us?

হিতো 7:19-25 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 মোৰ স্বামী ঘৰত নাই, তেওঁ দূৰ যাত্রাত গৈছে।
20 তেওঁ তেওঁৰ লগত ধনৰ মোনা লৈ গৈছে, তেওঁ পুৰ্ণিমাৰ দিনহে ঘূৰি আহিব।”
21 তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে; আৰু তাইৰ মধুৰ কথাৰে বাধ্য কৰালে।
22 তেওঁ কাটিবলৈ নিয়া গৰুৰ দৰে বা ফান্দত ধৰা পৰা হৰিণৰ দৰে তাইৰ পাছে পাছে গ’ল।
23 যেতিয়ালৈকে কলিজাৰ মাজেৰে কাঁড়ে নিবিন্ধে বা চৰাই জালৰ ফান্দত পৰিবলৈ যিদৰে শীঘ্ৰে উড়ি যোৱাৰ দৰে, ইয়াৰ মূল্য যে তেওঁৰ জীৱন হ’ব পাৰে, সেই কথা তেওঁ নজনাকৈ তাইৰ পাছে পাছে গৈ থাকিল।
24 আৰু এতিয়া হে মোৰ পুত্র, মোৰ কথা শুনা, মই কোৱা কথালৈ মনোযোগ দিয়া।
25 তোমাৰ হৃদয় তাইৰ ফাললৈ ঢাল খাব নিদিবা, আৰু তুমি তাইৰ পথত গৈ বিপথগামী নহবা।
হিতো 7 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019