4 কিন্তু শেষত তেওঁ চোকা তৰোৱালে কটাৰ দৰে কাটে। তিতা উদ্ভিদৰ দৰে হয়,
5 তেওঁৰ ভৰি মৃত্যুলৈ নামি যায়, তেওঁ খোজ দিয়া সকলো পথ চিয়োললৈ যায়।
6 তেওঁ জীৱন পথত কোনো চিন্তা নকৰে; তেওঁৰ খোজ আচৰ্যজনক, তেওঁ ক’লৈ গৈ আছে তেওঁ নাজানে।
7 আৰু এতিয়া, হে মোৰ পুত্রসকল, মোৰ কথা শুনা, মোৰ মুখৰ বাক্য শুনাৰ পৰা বিমুখ নহবা।
8 তেওঁৰ পৰা তোমাৰ পথ দূৰত ৰাখা; তেওঁৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ নাযাবা।
9 নহ’লে তোমাৰ সন্মান অন্যলোকক এৰি দিব লাগিব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ নিৰ্দয় ব্যক্তিক দিব লাগিব।
10 তোমাৰ সম্পত্তি অচিনাকী লোকে ভোগ কৰিব; আৰু তোমাৰ পৰিশ্ৰমৰ ফল অচিনাকী লোকৰ ঘৰলৈ যাব।
11 আৰু তোমাৰ জীৱনৰ শেষত তুমি আৰ্তনাদ কৰিবা; তোমাৰ যেতিয়া শৰীৰ আৰু মাংস ক্ষয় হ’ব,
12 তুমি ক’বা, “মই কেনেকৈ শাসন প্রণালীক ঘিণ কৰিছিলোঁ। আৰু মোৰ অন্তৰে অনুযোগ হেয়জ্ঞান কৰিলে।
13 মই মোৰ শিক্ষকসকলক মানিচলা নাছিলো, বা মোক দিয়া উপদেশ নুশুনিলোঁ।
14 সমাজ আৰু সমবেত লোকসকলৰ মাজত মই প্ৰায় সম্পূৰ্ণ ধ্বংস হলোঁ।