Text copied!
Bibles in Assamese

হিতো 31:15-24 in Assamese

Help us?

হিতো 31:15-24 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 তেওঁ ৰাতিপুৱা নহওঁতেই সাৰ পায়, আৰু ঘৰৰ সকলোকে খাবলৈ আহাৰ দিয়ে, আৰু তেওঁ নিজৰ দাসীসকলক কাম ভগাই দিয়ে।
16 তেওঁ খেতি পথাৰৰ বিষয়ে বিবেচনা কৰে, আৰু মাটি কিনি লয়; তেওঁ নিজৰ হাতৰ শ্ৰমৰ ফলেৰে দ্ৰাক্ষাবাৰী পাতে।
17 তেওঁ নিজৰ শক্তিৰে পোচাক পৰিধান কৰে, আৰু নিজৰ বাহু বলৱান কৰে।
18 তেওঁৰ বাবে লাভ জনক, তেওঁ তেনে বিষয় চিন্তা কৰে, আৰু গোটেই ৰাতি তেওঁৰ চাকি নুনুমায়।
19 তেওঁ টাকুৰি ঘুৰাবলৈ নিজৰ হাত মেলে, আৰু তেওঁ সূতা ঘূৰাই হাত দাঙি ৰাখে।
20 তেওঁ দৰিদ্ৰ লোকলৈ নিজৰ হাত মুকলি কৰে, অভাবি লোকলৈ তেওঁ নিজৰ হাত মেলে।
21 তেওঁ নিজৰ ঘৰৰ লোকৰ বাবে হিম পৰালৈ ভয় নকৰে; তেওঁৰ ঘৰৰ সকলো লোকে ৰঙা বৰণীয়া কাপোৰ পিন্ধে।
22 তেওঁ নিজৰ বিছনাৰ বাবে বিছনা চাদৰ প্রস্তুত কৰে; তেওঁ মিহি শণ সুতাৰ বেঙুনীয়া ৰঙৰ পোচাক পিন্ধে।
23 যেতিয়া তেওঁ দেশত বৃদ্ধসকলৰ লগত বহে, তেতিয়া তেওঁৰ স্বামী সকলোৰে পৰিচিত হয়;
24 তেওঁ শণ সুতাৰ বস্ত্ৰ প্ৰস্তুত কৰে, আৰু বিক্রী কৰে, আৰু তেওঁ ব্যৱসায়ী সকলক পাগুৰিৰ কাপোৰ যোগান ধৰে।
হিতো 31 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019