Text copied!
Bibles in Assamese

হিতো 31:1-6 in Assamese

Help us?

হিতো 31:1-6 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 ৰজা লমুৱেলৰ বাক্য; তেওঁৰ মাতৃয়ে তেওঁক ঈশ্বৰীয় বচন শিক্ষা দিয়া।
2 মোৰ পুত্র কি? আৰু মোৰ গৰ্ভৰ পৰা জন্মা পুত্ৰ কি? আৰু মোৰ সঙ্কল্পৰ পুত্র কি?
3 তোমাৰ শক্তি মহিলাক নিদিবা, আৰু ৰজাক ধ্বংস কৰা সকলৰ পথত নচলিবা।
4 হে লমুৱেল, এইটো ৰজাসকলৰ বাবে নহয়, ৰজাসকলৰ বাবে সুৰা পান কৰা উপযুক্ত নহয়; অথবা “সুৰা ক’ত আছে?” বুলি শাসনকৰ্ত্তাই সোধা অনুচিত;
5 তেওঁলোকে পান কৰিব আৰু বিধানত কি আছে তাক পাহৰিব, আৰু সকলো দুৰ্দশাগ্রস্ত লোকৰ অধিকাৰক বিপথগামী কৰিব।
6 বিনাশলৈ যোৱা জনক সুৰা দিয়া, আৰু বেদনাদায়ক যন্ত্রণাত ভুগি থকা সকলক দ্রাক্ষাৰস পান কৰোঁৱা।
হিতো 31 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019