Text copied!
Bibles in Assamese

হিতো 30:5-14 in Assamese

Help us?

হিতো 30:5-14 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত, তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়।
6 তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা; নহ’লে তেওঁ তোমাক তিৰস্কাৰ কৰিব, আৰু তুমি মিছলীয়া বুলি প্রমাণিত হবা।
7 মই তোমাৰ আগত দুটা বস্তু খুজিছোঁ; মোৰ মৃত্যু হোৱাৰ আগতে সেই বস্তু দুটা মোক দিবলৈ অমান্তি নহ’বা।
8 অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা; মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা; কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া।
9 কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?” বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰোঁ, তেনেহ’লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্র কৰিম।
10 দাসক তেওঁৰ মালিকৰ আগত নিন্দা নকৰিবা; কৰিলে তেওঁ তোমাক শাও দিব, আৰু তুমি দোষী বুলি গণিত হ’ব।
11 এটা বংশ আছে, যি নিজৰ পিতৃক শাও দিয়ে, আৰু নিজৰ মাতৃক মহিমান্বিত নকৰে।
12 সেই বংশই নিজে নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু তেওঁলোকে নিজৰ কলুষিতা পৰিত্যাগ নকৰে।
13 সেই বংশ নিজৰ দৃষ্টিতে নিজে বহুত অহংকাৰী! আৰু তেওঁলোকে চকুৰ পিৰিঠি ওপৰ কৰি ৰাখে!
14 তেওঁলোক এনে বংশ; যিসকলৰ দাঁত তৰোৱালৰ দৰে, আৰু গালৰ হাড় ছুৰিৰ দৰে, সেয়ে তেওঁলোকে দেশৰ পৰা দৰিদ্ৰ সকলক আৰু মানুহৰ মাজৰ পৰা অভাৱী সকলক গ্রাস কৰিব পাৰে।
হিতো 30 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019