19 ঈগলে আকাশত উৰে; সাপে শিলত বগায়; জাহাজে সমুদ্রৰ মাজত গতি কৰে, আৰু পুৰুষে মহিলাৰ সৈতে জীৱনধাৰণ কৰে।
20 এইদৰে ব্যভিচৰিণীৰ পথ; তেওঁ খাই আৰু মুখ মঁচে আৰু কয়, “মই কোনো ভুল কৰা নাই।”
21 তিনিটা বিষয়ত পৃথিৱী কঁপে, আৰু চতুৰ্থ বিষয় সহিব নোৱাৰি:
22 যেতিয়া এজন দাস ৰজা হয়; আৰু এজন মুৰ্খই আহাৰ খাই তৃপ্ত হয়;
23 ঘিণলগীয়া মহিলাই যেতিয়া বিবাহ হয়; আৰু এগৰাকী দাসীয়ে যেতিয়া নিজৰ গৃহিনীৰ স্থান লয়।
24 পৃথিবীত চাৰিটা ক্ষুদ্ৰ বস্তু আছে; তথাপিও সেইবোৰ বহুত জ্ঞানী।
25 পৰুৱা শক্তিশালী প্রাণী নহয়, তথাপি সিহঁতে গ্রীষ্ম কালত সিহঁতৰ আহাৰ যুগুত কৰে;
26 চাফন পশু শক্তিমান জীৱ নহয়, তথাপি সিহঁতে শিলৰ মাজত নিজৰ ঘৰ সাজে;
27 ফৰিংবোৰৰ ৰজা নাথাকে, তথাপি সিহঁত সকলোৱে শ্রেণী অনুসাৰে অতিক্রম কৰে;
28 জেঠীক তুমি তোমাৰ দুয়োখন হাতেৰে ধৰি ৰাখিব পাৰা; তথাপি সিহঁত ৰজাৰ অট্টালিকাত বাস কৰে।
29 নিজৰ দীঘল খোজৰ বাবে গৌৰৱ কৰা তিনিটা জীৱ আছে, চতুৰ্থবোৰ নিজৰ খোজ কঢ়াৰ ধৰণৰত গৌৰৱ কৰে।
30 জন্তুৰ মাজত শক্তিশালী সিংহ, আৰু ই কোনো বস্তুৰ পৰা আঁতৰি নাহে;
31 বুকু ফিন্দাই খোজ কঢ়া মতা কুকুৰা, মতা ছাগলী, আৰু সৈন্যসকলৰ কাষত থকা ৰজা।
32 তুমি যদি অজ্ঞানী হোৱা, তেনেহ’লে তুমি নিজকে প্রশংসা কৰা, বা যদি তুমি কু-কল্পনা কৰা, তেনেহ’লে তোমাৰ মুখত তোমাৰ হাত দিয়া।