Text copied!
Bibles in Assamese

হিতো 30:12-31 in Assamese

Help us?

হিতো 30:12-31 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 সেই বংশই নিজে নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু তেওঁলোকে নিজৰ কলুষিতা পৰিত্যাগ নকৰে।
13 সেই বংশ নিজৰ দৃষ্টিতে নিজে বহুত অহংকাৰী! আৰু তেওঁলোকে চকুৰ পিৰিঠি ওপৰ কৰি ৰাখে!
14 তেওঁলোক এনে বংশ; যিসকলৰ দাঁত তৰোৱালৰ দৰে, আৰু গালৰ হাড় ছুৰিৰ দৰে, সেয়ে তেওঁলোকে দেশৰ পৰা দৰিদ্ৰ সকলক আৰু মানুহৰ মাজৰ পৰা অভাৱী সকলক গ্রাস কৰিব পাৰে।
15 জোকৰ দুজনী জীয়েক আছে; “দিয়া দিয়া” বুলি তেওঁলোকে কান্দে। তিনিটা বিষয় আছে, যি কেতিয়াও সন্তুষ্ট নহয়, চতুৰ্থ বিষয়ে কেতিয়াও নকয় “যথেষ্ট হ’ল”
16 চিয়োল, বাঁজী তিৰোতাৰ গৰ্ভ, পানীৰ বাবে তৃষ্ণাতুৰ হোৱা মাটি, আৰু জুইয়ে কেতিয়াও নকয়, “যথেষ্ট হ’ল।”
17 যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, আৰু শগুণে তেওঁক খাব।
18 ইয়াত তিনিটা বিষয় আছে, যি মোৰ বাবে অতি অদ্ভুত, চতুৰ্থ বিষয় মই বুজি নাপাওঁ:
19 ঈগলে আকাশত উৰে; সাপে শিলত বগায়; জাহাজে সমুদ্রৰ মাজত গতি কৰে, আৰু পুৰুষে মহিলাৰ সৈতে জীৱনধাৰণ কৰে।
20 এইদৰে ব্যভিচৰিণীৰ পথ; তেওঁ খাই আৰু মুখ মঁচে আৰু কয়, “মই কোনো ভুল কৰা নাই।”
21 তিনিটা বিষয়ত পৃথিৱী কঁপে, আৰু চতুৰ্থ বিষয় সহিব নোৱাৰি:
22 যেতিয়া এজন দাস ৰজা হয়; আৰু এজন মুৰ্খই আহাৰ খাই তৃপ্ত হয়;
23 ঘিণলগীয়া মহিলাই যেতিয়া বিবাহ হয়; আৰু এগৰাকী দাসীয়ে যেতিয়া নিজৰ গৃহিনীৰ স্থান লয়।
24 পৃথিবীত চাৰিটা ক্ষুদ্ৰ বস্তু আছে; তথাপিও সেইবোৰ বহুত জ্ঞানী।
25 পৰুৱা শক্তিশালী প্রাণী নহয়, তথাপি সিহঁতে গ্রীষ্ম কালত সিহঁতৰ আহাৰ যুগুত কৰে;
26 চাফন পশু শক্তিমান জীৱ নহয়, তথাপি সিহঁতে শিলৰ মাজত নিজৰ ঘৰ সাজে;
27 ফৰিংবোৰৰ ৰজা নাথাকে, তথাপি সিহঁত সকলোৱে শ্রেণী অনুসাৰে অতিক্রম কৰে;
28 জেঠীক তুমি তোমাৰ দুয়োখন হাতেৰে ধৰি ৰাখিব পাৰা; তথাপি সিহঁত ৰজাৰ অট্টালিকাত বাস কৰে।
29 নিজৰ দীঘল খোজৰ বাবে গৌৰৱ কৰা তিনিটা জীৱ আছে, চতুৰ্থবোৰ নিজৰ খোজ কঢ়াৰ ধৰণৰত গৌৰৱ কৰে।
30 জন্তুৰ মাজত শক্তিশালী সিংহ, আৰু ই কোনো বস্তুৰ পৰা আঁতৰি নাহে;
31 বুকু ফিন্দাই খোজ কঢ়া মতা কুকুৰা, মতা ছাগলী, আৰু সৈন্যসকলৰ কাষত থকা ৰজা।
হিতো 30 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019