Text copied!
Bibles in Assamese

হিতো 30:1-6 in Assamese

Help us?

হিতো 30:1-6 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 যাকিৰ পুত্ৰ আগুৰে ঈশ্বৰীয় বচন কোৱা: এই মানুহে ঈথীয়েল আৰু উকালত ঘোষণা কৰে:
2 যি কোনো মনুষ্যতকৈ নিশ্চয় মই বহুত বেছি জন্তুৰ দৰে, আৰু মনুষ্যজাতিৰ বুজা শক্তি মোৰ নাই,
3 আৰু মই প্ৰজ্ঞা শিকা নাই, নাইবা পবিত্ৰ জনাৰ বিষয়েও জ্ঞান পোৱা নাই।
4 কোন স্বৰ্গলৈ উঠি গৈছিল, আৰু নামি আহিছিল? কোনে নিজৰ হাতৰ মুঠিত বতাহ ধৰিছিল? কোনে জল সমূহক বান্ধি লুকুৱাই ৰাখিছিল? কোনে পৃথিবীৰ সকলো সীমা স্থাপন কৰিছিল? তেওঁৰ নাম কি? আৰু তেওঁৰ পুত্ৰৰ নাম কি? নিশ্চয় তুমি জানা!
5 ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত, তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়।
6 তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা; নহ’লে তেওঁ তোমাক তিৰস্কাৰ কৰিব, আৰু তুমি মিছলীয়া বুলি প্রমাণিত হবা।
হিতো 30 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019