5 যি মানুহে নিজৰ চুবুৰীয়াক তোষামোদ কৰে, তেওঁ নিজৰ ভৰিলৈ জাল পাতে।
6 দুষ্ট লোক নিজৰ পাপৰ দ্বাৰাই ফান্দত পৰে; কিন্তু সৎ কাৰ্য কৰে, সেই জনে হৰ্ষিত মনেৰে গীত গায়।
7 ন্যায় কাৰ্য কৰা লোকে দৰিদ্র লোকৰ হৈ ওকালতি কৰে; কিন্তু দুষ্ট লোকে সেই জ্ঞানৰ কথা বুজি নাপায়।
8 নিন্দক লোকে নগৰত জুই জ্বলাই; কিন্তু যি সকল জ্ঞানী, তেওঁলোকে ক্ৰোধৰ পৰা আঁতৰি থাকে।
9 যেতিয়া অজ্ঞানী লোকৰ লগত জ্ঞানী লোকৰ বিবাদ হয়, তেতিয়া তেওঁ ক্রোধিত হৈ হাঁহে, আৰু কোনো শান্তি লাভ নকৰে।
10 নিৰ্দ্দোষী লোকক ৰক্তপাতকাৰী সকলে ঘিণ কৰে; কিন্তু সৰল লোকসকলৰ প্রাণ বিচাৰি ফুৰে।
11 অজ্ঞানী লোকে নিজৰ মনৰ সকলো ভাব প্ৰকাশ কৰে; কিন্তু জ্ঞানী লোকে নিজৰ মনৰ ভাব দমন কৰি শান্ত হৈ থাকে।
12 যি শাসনকৰ্ত্তাই মিছা কথালৈ মনোযোগ দিয়ে, তেওঁৰ সকলো কৰ্মচাৰী দুষ্ট প্রকৃতিৰ হয়।
13 দৰিদ্ৰ আৰু অত্যাচাৰী লোক দুয়ো একেলগ হয়; আৰু যিহোৱাই দুয়ো জনৰ চকুত পোহৰ দিয়ে।