Text copied!
Bibles in Assamese

হিতো 29:11-19 in Assamese

Help us?

হিতো 29:11-19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 অজ্ঞানী লোকে নিজৰ মনৰ সকলো ভাব প্ৰকাশ কৰে; কিন্তু জ্ঞানী লোকে নিজৰ মনৰ ভাব দমন কৰি শান্ত হৈ থাকে।
12 যি শাসনকৰ্ত্তাই মিছা কথালৈ মনোযোগ দিয়ে, তেওঁৰ সকলো কৰ্মচাৰী দুষ্ট প্রকৃতিৰ হয়।
13 দৰিদ্ৰ আৰু অত্যাচাৰী লোক দুয়ো একেলগ হয়; আৰু যিহোৱাই দুয়ো জনৰ চকুত পোহৰ দিয়ে।
14 যদি ৰজাই সত্যতাৰে দৰিদ্ৰ লোকৰ বিচাৰ কৰে, তেতিয়া তেওঁৰ সিংহাসন চিৰকালৰ বাবে প্রতিষ্ঠিত হয়।
15 চেকনী আৰু দোষাৰোপে প্ৰজ্ঞা দিয়ে; কিন্তু শাসন নকৰা সন্তানে নিজৰ মাতৃক লাজ দিয়ে।
16 যেতিয়া দুষ্টলোক বৃদ্ধি হয়, তেতিয়া অপৰাধো বৃদ্ধি হয়; কিন্তু যি সকলে ন্যায় কাৰ্য কৰে, তেওঁলোকে তেওঁলোকৰ পতন দেখা পাই।
17 তোমাৰ সন্তানক অনুশাসন কৰা; তাতে তেওঁ তোমাক শান্তি দিব, আৰু তোমাৰ প্ৰাণক আনন্দিত কৰিব।
18 যি ঠাইত ভবিষ্য দৰ্শনৰ অভাৱ থাকে, তাত লোকসকল অবাধ্য হয়; কিন্তু যিজনে বিধান পালন কৰে, সেই জন সুখী হয়।
19 কথাৰ দ্বাৰাই দাসক শুধৰাব নোৱাৰি; যদিও তেওঁ বুজি পায়, তথাপিও তেওঁ প্রতিক্রিয়া নকৰে।
হিতো 29 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019