Text copied!
Bibles in Assamese

হিতো 25:7-21 in Assamese

Help us?

হিতো 25:7-21 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 উচ্চপদস্থ ব্যক্তিৰ উপস্থিতিত অপদস্থ হোৱাতকৈ, “ইয়ালৈ আহাঁ”, এই বুলি তেওঁ তোমাক কোৱা ভাল। তোমাৰ সাক্ষ্য কি আছিল,
8 বিচাৰত বেগাই গৈ উপস্থিত নহ’বা; কাৰণ যেতিয়া তোমাৰ চুবুৰীয়াই তোমাক লাজ দিব, তেতিয়া শেষত তুমি কি কৰিবা?
9 তোমাৰ আৰু চুবুৰীয়াৰ মাজত হোৱা বিবাদ নিজেই বিচাৰ কৰা, কিন্তু আন জনৰ গুপুত কথা প্ৰকাশ নকৰিবা;
10 তোমাৰ কথা যিজনে শুনে, তেওঁ তোমাক লাজত পেলাব, আৰু দুষ্ট লোকে তোমাৰ বিষয়ে গোচৰ দিলে গুপুতে নাথাকিব।
11 ভাল কথা কোৱাটো ৰূপত খটোৱা সোণৰ আপেলৰ দৰে,
12 শুদ্ধ সোণেৰে গঢ়া সোণৰ আঙঠি বা অলঙ্কাৰ যেনে, জ্ঞানী লোকৰ অনুযোগ শুনা কাণো তেনে।
13 শস্য দোৱাৰ সময়ত হিমৰ চেঁচা যেনে, বিশ্বাসী বাৰ্ত্তাবাহক পঠোৱা সকলৰ বাবে তেনে; তেওঁ তেওঁৰ মালিকৰ আত্মা সতেজ কৰে;
14 বৰষুণ নোহোৱা মেঘ আৰু বতাহ যেনে, মিছাকৈ দান দিছোঁ বুলি অহংকাৰ কৰা জনো তেনে।
15 ধৈৰ্যেৰে শাসনকৰ্ত্তাই প্ৰত্যয় জন্মাব পাৰে, আৰু নম্র জিভাই হাড় ভাঙিব পাৰে।
16 তুমি যদি মৌ বিচাৰি পোৱা, যিমান প্ৰয়োজন সিমানহে খাবা; নহ’লে মৌ অতিৰিক্ত খালে তুমি বমি কৰিবা।
17 তোমাৰ চুবুৰীয়াৰ ঘৰলৈ সঘনে নাযাবা, তেওঁ তোমালৈ আমনি পাই তোমাক ঘিণ কৰিব।
18 যিজনে চুবুৰীয়াৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়ে, তেওঁ যুদ্ধত ব্যৱহাৰ কৰা গদা, বা তৰোৱাল, বা তীক্ষ্ন কাঁড়ৰ দৰে।
19 বেয়া দাঁত অথবা পিছল খোৱা ভৰিৰ যেনে, সঙ্কটৰ সময়ত অবিশ্বাসী লোকক বিশ্বাস কৰাও তেনে।
20 কোনো এজনে মনৰ বেজাৰত গীত গোৱা যেনে, জাৰ কালিত কপোৰ সোলোকাই থোৱা মানুহ, বা খাৰৰ ওপৰত দিয়া ভিনেগাৰো তেনে।
21 তোমাৰ শত্ৰু যদি ক্ষুধাতুৰ হয়, তেনেহ’লে তেওঁক আহাৰ খাবলৈ দিয়া; আৰু তেওঁ যদি তৃষ্ণাতুৰ হয়, তেনেহ’লে তেওঁক পানী খাবলৈ দিয়া।
হিতো 25 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019