Text copied!
Bibles in Assamese

হিতো 24:8-14 in Assamese

Help us?

হিতো 24:8-14 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 তাত আমাৰ এজন দুষ্ট কাৰ্য কল্পনা কৰা লোক আছে, লোকসকলে তেওঁক পৰিকল্পনাৰ পৰিচালক বুলি কয়।
9 জ্ঞানহীন আঁচনি পাপ, আৰু নিন্দক লোকক মানুহে ঘৃণা কৰে।
10 সমস্যাৰ দিনত যদি তোমাৰ ভীৰুতা দেখুওৱা, তেনেহ’লে তুমি নিশকতীয়া।
11 মৃত্যুলৈ লৈ যোৱা লোকসকলক ৰক্ষা কৰা, আৰু বধ কৰিবলৈ নিওতে যিসকল হতভম্ব হয় তেওঁলোকক তুমি যদি পাৰা ঘূৰাই আনা।
12 তুমি যদি কোৱা, “আমি এই বিষয়ে একো নাজানো।” তুমি কি কৈছা? সেই বিষয়ে যি জনাই হৃদয় পৰীক্ষা কৰে, তেওঁ জানো নুবুজে? আৰু যিজনাই তোমাৰ জীৱন ৰক্ষা কৰে, তেওঁ জানো এই বিষয়ে নাজানে? ঈশ্বৰে মানুহক কৰ্ম অনুসাৰে জানো ফল নিদিয়ে?
13 হে মোৰ পুত্র, মৌ খোৱা, কাৰণ ই ভাল, আৰু মৌচাকৰ পৰা নিগৰি অহা মৌ তোমাৰ জিভাৰ বাবে সুস্বাদু।
14 তেনেকৈ প্ৰজ্ঞা তোমাৰ আত্মাৰ বাবে তুমি যদি তাক বিচাৰি পোৱা, তেনেহ’লে তাত তোমাৰ ভবিষ্যত আছে, আৰু তোমাৰ আশা খণ্ডন কৰা নহব।
হিতো 24 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019