3 প্ৰজ্ঞাৰ দ্বাৰাই ঘৰ নিৰ্মাণ হয়, আৰু বিবেচনাৰ দ্বাৰাই ঘৰ সংস্থাপন হয়।
4 জ্ঞানৰ দ্বাৰাই কোঁঠালিবোৰ পৰিপূৰ্ণ হয়, লগতে সকলো বহুমুল্য আৰু আনন্দদায়ক বস্তুৰে পৰিপূৰ্ণ হয়।
5 সাহসী লোক বলৱান হয়, কিন্তু বলৱান লোকতকৈ জ্ঞানী লোক ভাল।
6 সুপৰামৰ্শৰ দ্বাৰাই তুমি তোমাৰ যুদ্ধ আৰম্ভ কৰিব পাৰা, আৰু বহুতো উপদেষ্টাৰ সৈতে জয় লাভ হয়।
7 অজ্ঞানী লোকৰ বাবে প্ৰজ্ঞা অতি উচ্চ বিষয়; আৰু দুৱাৰত তেওঁ কথা কয়।
8 তাত আমাৰ এজন দুষ্ট কাৰ্য কল্পনা কৰা লোক আছে, লোকসকলে তেওঁক পৰিকল্পনাৰ পৰিচালক বুলি কয়।