Text copied!
Bibles in Assamese

হিতো 24:2-11 in Assamese

Help us?

হিতো 24:2-11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 কাৰণ তেওঁলোকৰ হৃদয়ে অত্যাচাৰৰ চক্রান্ত কৰে, আৰু তেওঁলোকৰ ওঁঠে সমস্যাৰ কথা কয়।
3 প্ৰজ্ঞাৰ দ্বাৰাই ঘৰ নিৰ্মাণ হয়, আৰু বিবেচনাৰ দ্বাৰাই ঘৰ সংস্থাপন হয়।
4 জ্ঞানৰ দ্বাৰাই কোঁঠালিবোৰ পৰিপূৰ্ণ হয়, লগতে সকলো বহুমুল্য আৰু আনন্দদায়ক বস্তুৰে পৰিপূৰ্ণ হয়।
5 সাহসী লোক বলৱান হয়, কিন্তু বলৱান লোকতকৈ জ্ঞানী লোক ভাল।
6 সুপৰামৰ্শৰ দ্বাৰাই তুমি তোমাৰ যুদ্ধ আৰম্ভ কৰিব পাৰা, আৰু বহুতো উপদেষ্টাৰ সৈতে জয় লাভ হয়।
7 অজ্ঞানী লোকৰ বাবে প্ৰজ্ঞা অতি উচ্চ বিষয়; আৰু দুৱাৰত তেওঁ কথা কয়।
8 তাত আমাৰ এজন দুষ্ট কাৰ্য কল্পনা কৰা লোক আছে, লোকসকলে তেওঁক পৰিকল্পনাৰ পৰিচালক বুলি কয়।
9 জ্ঞানহীন আঁচনি পাপ, আৰু নিন্দক লোকক মানুহে ঘৃণা কৰে।
10 সমস্যাৰ দিনত যদি তোমাৰ ভীৰুতা দেখুওৱা, তেনেহ’লে তুমি নিশকতীয়া।
11 মৃত্যুলৈ লৈ যোৱা লোকসকলক ৰক্ষা কৰা, আৰু বধ কৰিবলৈ নিওতে যিসকল হতভম্ব হয় তেওঁলোকক তুমি যদি পাৰা ঘূৰাই আনা।
হিতো 24 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019