Text copied!
Bibles in Assamese

হিতো 23:4-14 in Assamese

Help us?

হিতো 23:4-14 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 ধনী হ’বলৈ অধিক কষ্ট নকৰিবা, কেতিয়া বন্ধ কৰিব লাগে সেই কথা জানিবলৈ যথেষ্ট জ্ঞানী হোৱা।
5 যেতিয়া তোমাৰ দৃষ্টি ধনত পৰে, সেয়ে গুচি যায়, আৰু হঠাতে ডেউকা লগাই, আৰু ঈগলৰ দৰে আকাশলৈ উৰি যায়।
6 তোমাৰ আহাৰলৈ কোনো লোকে বহু সময় চাই থাকিলে, পাপী মানুহৰ আহাৰ ভোজন নকৰিবা, আৰু তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা;
7 কাৰণ তেওঁ এনে এজন মানুহ যি তোমাৰ আহাৰৰ হিচাপ লয়। তেওঁ তোমাক কয়, “ভোজন-পান কৰা!” কিন্তু তেওঁৰ হৃদয় তোমাৰ সৈতে নাথাকে।
8 তুমি যি অলপ খাইছা, সেয়াও বমি কৰিবা, আৰু তোমাৰ অভিনন্দন বৃথা হ’ব।
9 অজ্ঞানী লোকে শুনি থকাকৈ কথা নকবা; কিয়নো তেওঁ তোমাৰ প্রজ্ঞাৰ কথা তুচ্ছ কৰিব।
10 পুৰণি সীমাৰ দেৱাল আতৰাই নিদিবা, বা অনাথ সকলৰ পথাৰৰ সীমালঙ্ঘন নকৰিবা;
11 কিয়নো তেওঁলোকৰ মুক্তিকৰ্ত্তা বলৱান; আৰু তেওঁ তোমাৰ বিৰুদ্ধে তেওঁলোকৰ হৈ প্ৰতিবাদ কৰিব।
12 তোমাৰ হৃদয়ে অনুশাসনলৈ মনোযোগ দিয়ক, আৰু জ্ঞানৰ কথালৈ তোমাৰ কাণ পাতা।
13 সন্তানক শাস্তি দিবলৈ ত্রুটি নকৰিবা; কিয়নো তুমি তাক চেকনীৰে কোবালে সি নমৰিব।
14 তুমি যদি তাক চেকনীৰে কোবোৱা, তেনেহ’লে তুমি তাৰ আত্মা চিয়োলৰ পৰা ৰক্ষা কৰিবা।
হিতো 23 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019