Text copied!
Bibles in Assamese

হিতো 23:13-22 in Assamese

Help us?

হিতো 23:13-22 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 সন্তানক শাস্তি দিবলৈ ত্রুটি নকৰিবা; কিয়নো তুমি তাক চেকনীৰে কোবালে সি নমৰিব।
14 তুমি যদি তাক চেকনীৰে কোবোৱা, তেনেহ’লে তুমি তাৰ আত্মা চিয়োলৰ পৰা ৰক্ষা কৰিবা।
15 হে মোৰ পুত্র, যদি তোমাৰ হৃদয় জ্ঞানী হয়, তেনেহ’লে মোৰ হৃদয়ো আনন্দিত হ’ব;
16 যেতিয়া তোমাৰ ওঁঠে যথাৰ্থ কথা কয়, তেতিয়া মোৰ অন্তঃকৰণ উল্লাসিত হয়।
17 তোমাৰ হৃদয়ে পাপীক ঈৰ্ষা নকৰক; কিন্তু তুমি ওৰে দিনটো যিহোৱাৰ ভয়ত থাকা;
18 অৱশ্যে ইয়াত তোমাৰ ভবিষ্যত জড়িত হৈ আছে, আৰু তোমাৰ আশা খণ্ডন কৰা নহব।
19 হে মোৰ পুত্র, শুনা আৰু জ্ঞানী হোৱা, আৰু তোমাৰ হৃদয় সৰল পথত চলোৱা।
20 সুৰা প্রিয় লোকৰ সৈতে সহযোগী নহ’বা, বা অধিক মাংস ভোজন কৰা সকলৰ সঙ্গী নহবা।
21 কাৰণ মতলীয়া আৰু খকুৱা লোক দৰিদ্ৰ হয়, আৰু মানুহৰ টোপনিয়ে তেওঁলোকক ফটা বস্ত্র পিন্ধায়।
22 তোমাক জন্ম দিয়া পিতৃৰ কথা শুনা, আৰু তোমাৰ মাতৃৰ বৃদ্ধা অৱস্থাত তেওঁক হেয়জ্ঞান নকৰিবা।
হিতো 23 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019