Text copied!
Bibles in Assamese

হিতো 22:20-26 in Assamese

Help us?

হিতো 22:20-26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 পৰামৰ্শ আৰু জ্ঞানৰ বিষয়ে মই তোমাৰ বাবে ত্রিশটা নীতিবচন লিখা নাই নে?
21 তোমাক বিশ্বাসযোগ্য বাক্যৰ সত্যতাক শিকালোঁ, যাতে তোমাক পঠোৱা সকলক তুমি বিশ্বাসযোগ্য উত্তৰ দিব পাৰা।
22 দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র; বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা।
23 কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব, আৰু যি সকলে তেওঁলোকৰ বস্তু কাঢ়ি লয়, তেওঁ তেওঁলোকৰ জীৱন কাঢ়ি ল’ব।
24 যিজনে ক্রোধেৰে শাসন কৰে, তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা, আৰু ক্ৰোধী লোকৰ সৈতে তুমি যোৱা উচিত নহয়;
25 নহ’লে তুমি তেওঁৰ আচৰণ শিকিবা, আৰু তুমি নিজকে নিজে ফান্দত পেলাবা।
26 ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা, আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়।
হিতো 22 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019