19 সেয়ে তোমাৰ বিশ্বাস যাতে যিহোৱাত হ’ব পাৰে, মই আজি সেইবোৰ তোমাক শিকালোঁ, এনে কি কেৱল তোমাকেই এই সকলো শিকালোঁ।
20 পৰামৰ্শ আৰু জ্ঞানৰ বিষয়ে মই তোমাৰ বাবে ত্রিশটা নীতিবচন লিখা নাই নে?
21 তোমাক বিশ্বাসযোগ্য বাক্যৰ সত্যতাক শিকালোঁ, যাতে তোমাক পঠোৱা সকলক তুমি বিশ্বাসযোগ্য উত্তৰ দিব পাৰা।
22 দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র; বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা।
23 কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব, আৰু যি সকলে তেওঁলোকৰ বস্তু কাঢ়ি লয়, তেওঁ তেওঁলোকৰ জীৱন কাঢ়ি ল’ব।
24 যিজনে ক্রোধেৰে শাসন কৰে, তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা, আৰু ক্ৰোধী লোকৰ সৈতে তুমি যোৱা উচিত নহয়;
25 নহ’লে তুমি তেওঁৰ আচৰণ শিকিবা, আৰু তুমি নিজকে নিজে ফান্দত পেলাবা।