Text copied!
Bibles in Assamese

হিতো 21:19-31 in Assamese

Help us?

হিতো 21:19-31 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 দ্বন্দুৰী আৰু সকলো সময়তে অভিযোগ কৰি থকা মহিলাৰ সৈতে বাস কৰাতকৈ, মৰুভূমিত বাস কৰাই ভাল।
20 জ্ঞানী লোকৰ ঘৰত বহুমূল্য বস্তু আৰু তেল থাকে; কিন্তু অজ্ঞানী লোকে সেইবোৰ অপব্যৱহাৰ কৰে।
21 যি জনে সৎ কাৰ্য কৰে আৰু দয়ালু হয়, তেওঁ জীৱন পায়, উচিত সিদ্ধান্ত লয়, আৰু সন্মান লাভ কৰে।
22 জ্ঞানী লোকে বীৰসকলৰ নগৰৰ বিৰুদ্ধে উঠি যায়, আৰু সুৰক্ষা দিয়া দুৰ্গ তেওঁ ধ্বংস কৰে।
23 যি জনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে, তেওঁ সঙ্কটৰ পৰা নিজকে ৰক্ষা কৰে।
24 গৰ্ব্বি আৰু অহংকাৰী লোকক “নিন্দক” বুলি কোৱা হয়; তেওঁ দাম্ভিকতাৰে কাৰ্য কৰে।
25 এলেহুৱা লোকৰ অভিলাষে তেওঁক বধ কৰে; কাৰণ তেওঁৰ হাতে কাম কৰিবলৈ অমান্তি হয়।
26 ওৰে দিনটো তেওঁ অধিকতকৈ অধিক পাবলৈ আকাংক্ষা কৰে; কিন্তু সৎ কাৰ্য কৰা জনে দান দিয়ে, আৰু দান দিয়া বন্ধ নকৰে।
27 দুষ্ট লোকৰ বলিদান ঘৃণনীয়; তাতে বেয়া মনোভাবেৰে অনাৰ বাবে তাতকৈ কিমান বেছি ঘৃণনীয় হ’ব।
28 মিছা সাক্ষী দিয়া জন ধ্বংস হ’ব; কিন্তু কথা শুনা জনে, তেওঁ সকলো সময়ৰ বাবে কথা ক’ব।
29 দুষ্ট লোকে নিজকে পৰাক্রমী দেখুৱাই; কিন্তু ন্যায়পৰায়ণ লোকে নিজৰ পথ বিবেচনা কৰে।
30 যিহোৱাৰ বিৰুদ্ধে প্রজ্ঞা, বিবেচনা, বা পৰামৰ্শ একোৱেই স্থিৰ হ’ব নোৱাৰে।
31 যুদ্ধৰ দিনৰ বাবে ঘোঁৰাক সু-সজ্জিত কৰা হয়, কিন্তু জয় যিহোৱাৰ কাৰণেহে হয়।
হিতো 21 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019