Text copied!
Bibles in Assamese

হিতো 15:11-15 in Assamese

Help us?

হিতো 15:11-15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 চিয়োল আৰু বিনাশ যিহোৱাৰ দৃষ্টিত লুকাই থকা নাই; তেনেহ’লে কিমান অধিক পৰিমাণে মনুষ্য সন্তান সকলৰ হৃদয় তেওঁৰ দৃষ্টিত থাকে।
12 নিন্দক লোকে অনুযোগত বিৰক্তি পায়; তেওঁ জ্ঞানী লোকৰ ওচৰলৈ নাযায়।
13 আনন্দিত হৃদয়ে মুখমণ্ডলক প্ৰফুল্লিত কৰে; কিন্তু মানসিক যন্ত্রণাই আত্মা ভাঙি দিয়ে।
14 সুবিবেচকৰ হৃদয়ে জ্ঞান বিচাৰ কৰে; কিন্তু অজ্ঞানী লোকৰ মুখে অজ্ঞানতা গ্রহণ কৰে।
15 নিৰ্যাতিত লোকৰ সকলো দিন কষ্টদায়ক; কিন্তু প্ৰফুল্লিত হৃদয়ৰ ভোজ চিৰস্থায়ী।
হিতো 15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019