Text copied!
Bibles in Assamese

হিতো 14:7-27 in Assamese

Help us?

হিতো 14:7-27 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 অজ্ঞানী লোকৰ পৰা আঁতৰি থাকা; কাৰণ তেওঁৰ মুখত জ্ঞানৰ কথা বিচাৰি নাপাবা।
8 নিজৰ পথ বুজি পোৱাই দূৰদৰ্শীসকলৰ প্রজ্ঞা; কিন্তু অজ্ঞানীলোকৰ অজ্ঞানতাই প্ৰবঞ্চনা মাথোন।
9 দোষাৰ্থক বলি উৎসৰ্গ কৰোঁতে অজ্ঞানীলোকে নিন্দা কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ মাজত অনুগ্ৰহ থাকে।
10 হৃদয়ে নিজৰ বেদনা নিজে বুজি পায়; কিন্তু অচিনাকী লোকে সেই আনন্দত ভাগ ল’ব নোৱাৰে।
11 দুষ্টলোকৰ ঘৰ ধ্বংস কৰা হ’ব; কিন্তু ন্যায়পৰায়ণ লোকৰ তম্বু মঙ্গলে থাকিব।
12 কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয়; কিন্তু শেষত সেয়ে মৃত্যুৰ পথ।
13 দুখৰ সময়তো হৃদয়ে হাঁহিব পাৰে, আৰু আনন্দ শেষত দুখলৈ পৰিণত হ’ব পাৰে।
14 যি জন অবিশ্বাসী, তেওঁ নিজৰ আচৰণৰ ফল ভোগ কৰিব; কিন্তু ভাল লোকে তেওঁৰ যি আছে তাকেই পাব।
15 যি জন শিক্ষিত নহয়, তেওঁ সকলো বিশ্বাস কৰে; কিন্তু দূৰদৰ্শী লোকে নিজৰ খোজ চিন্তা কৰে।
16 জ্ঞানী লোকে ভয় কৰে আৰু বেয়াৰ পৰা আঁতৰি থাকে; কিন্তু অজ্ঞান লোকে দৃঢ়তাৰে সাৱধান বাণী অৱজ্ঞা কৰে।
17 ক্ষন্তেকতে খং উঠা লোকে অজ্ঞানীৰ দৰে কাম কৰে; আৰু যিজনে কু-কল্পনা কৰে তেওঁ ঘৃণনীয় হয়।
18 অশিক্ষিত লোকৰ মুৰ্খতা বংশানুক্রমে থাকে; কিন্তু দূৰদৰ্শী লোকসকল জ্ঞানেৰে পৰিপূৰ্ণ।
19 যিসকল পাপী, তেওঁলোকে সৎ লোকৰ আগত প্রণিপাত কৰে; আৰু যিসকল দুষ্ট তেওঁলোকে ধাৰ্মিকলোকৰ দুৱাৰ ডলিত প্রণিপাত কৰে।
20 দৰিদ্ৰ লোকক তেওঁলোকৰ নিজৰ সঙ্গীয়েই ঘৃণা কৰে; কিন্তু ধনী লোকৰ অনেক বন্ধু থাকে।
21 যি জনে চুবুৰীয়াক হেয়জ্ঞান কৰে, তেওঁ পাপ কৰে; কিন্তু যি জনে দৰিদ্ৰ লোকক দয়া কৰে, তেওঁ অনন্দিত হয়।
22 যি সকলে বেয়া পৰিকল্পনা কৰে, তেওঁলোক জানো বিপথগামী নহয়? কিন্তু যি সকলে মঙ্গল কল্পনা কৰে, তেওঁলোক বিশ্বস্ততা আৰু বিশ্বাসযোগ্য চুক্তি গ্রহণ কৰিব।
23 সকলো কঠিন পৰিশ্ৰমৰ দ্বাৰাই লাভ হয়; কিন্তু যেতিয়া কেৱল আলোচনা হয়, তেতিয়া দৰিদ্রতালৈ আগবাঢ়ি যায়।
24 জ্ঞানী লোকসকলৰ সম্পত্তি তেওঁলোকৰ মুকুট; কিন্তু অজ্ঞানীৰ মূৰ্খতাই কেৱল অধিক মূৰ্খতাহে আনে।
25 সত্যবাদী সাক্ষীয়ে জীৱন ৰক্ষা কৰে; কিন্তু মিছা সাক্ষীয়ে মিছা কথা কয়।
26 যিহোৱাক ভয় কৰাই দৃঢ়-বিশ্বাস, আৰু এয়ে তেওঁৰ সন্তান সকলৰ বাবে আশ্ৰয় স্থল হ’ব।
27 যিহোৱালৈ ভয় ৰখাই জীৱনৰ ভুমুক-স্বৰূপ, ইয়াৰে কোনো এজনে মৃত্যুৰ ফান্দৰ পৰা আঁতৰি থাকিব পাৰিব।
হিতো 14 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019