Text copied!
Bibles in Assamese

হিতো 11:19-27 in Assamese

Help us?

হিতো 11:19-27 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 যি সাধুলোকে সৎ কাৰ্য কৰে, তেওঁ জীৱন লাভ কৰে; কিন্তু যিলোকে দুষ্টতা অনুসৰণ কৰে, তেওঁৰ মৃত্যুৰ হ’ব।
20 কুটিল মনৰ লোক যিহোৱাৰ ঘিণ লগা; কিন্তু যিসকলৰ আচৰণ সিদ্ধ, তেওঁলোকত তেওঁ আনন্দ পায়।
21 নিশ্চিত হোৱা যে, দুষ্ট লোকে শাস্তি নোপোৱাকৈ নাথাকিব; কিন্তু সত্যতাত চলা লোকসকলৰ বংশই উদ্ধাৰ পাব।
22 গাহৰিৰ নাকত সোণৰ নথ যেনে, সুবিবেচনা নথকা সুন্দৰী মহিলাও তেনে।
23 সত্যতাত চলা লোকৰ আকাংক্ষাৰ ফল উত্তম; কিন্তু দুষ্টলোকে কেৱল ক্ৰোধৰ আশা কৰে।
24 যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে; আৰু যি লোকে গুটি নিসিঁচে, তেনে লোকলৈ দৰিদ্ৰতাহে আহে।
25 দয়ালু লোকৰ উন্নতি হয়, আৰু যি লোকে আনলোকক পানী দিয়ে, তেওঁ নিজৰ বাবেও পানী পায়।
26 যি লোকে শস্য বিক্রী কৰিবলৈ অমান্তি হয়, তেওঁক লোকসকলে শাও দিয়ে; কিন্তু যি লোকে বিক্রী কৰে, তেওঁ মুৰত মুকুট স্বৰূপ আশীৰ্ব্বাদ লাভ কৰে।
27 যিলোকে আগ্রহেৰে ভাল কৰিবলৈ বিচাৰে, তেওঁ অনুগ্ৰহো বিচাৰে; কিন্তু যি জনে দুষ্টতা বিচাৰে, তেওঁ তাকে পায়।
হিতো 11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019