Text copied!
Bibles in Assamese

হিতো 10:19-26 in Assamese

Help us?

হিতো 10:19-26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 অধিক কথাত অপৰাধৰ অভাৱ নাই; কিন্তু যিজনে কথা কওঁতে সাৱধান হয়, তেওঁ জ্ঞানী।
20 যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিভা শুদ্ধ ৰূপৰ দৰে; দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে।
21 সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে; কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়।
22 যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।
23 দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ, কিন্তু প্রজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক।
24 দুষ্ট লোকে যিহলৈ ভয় কৰে, সেয়ে তালৈ ঘটে; কিন্তু ধাৰ্মিকৰ বাঞ্ছা সিদ্ধ হয়।
25 দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়, কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে, তেওঁলোক চিৰস্থায়ী ভিত্তিমুলস্বৰূপ।
26 দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা, পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা।
হিতো 10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019