10 কিন্তু পাপাৰ্থক বলিৰ তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ বেদীত দগ্ধ কৰিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
11 আৰু তাৰ মঙহখিনি আৰু ছালখন ছাউনিৰ বাহিৰত জুইত পুৰি ভস্ম কৰা হ’ল।
12 পাছে হোম-বলিটো কটা হ’ল, আৰু হাৰোণৰ পুত্ৰসকলে তাৰ তেজখিনি তেওঁৰ ওচৰলৈ তেওঁ বেদীত চাৰিওফালে ছটিয়াই দিলে।
13 পাছত তেওঁলোক হোম-বলিৰ মাংস খণ্ড খণ্ড কৰি মূৰটোৰে সৈতে খণ্ডবোৰ তেওঁৰ ওচৰলৈ আনিলে, আৰু তেওঁ সেই সকলোকে বেদীৰ ওপৰত দগ্ধ কৰিলে।