Text copied!
Bibles in Assamese

লেবীয়া 8:4-11 in Assamese

Help us?

লেবীয়া 8:4-11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 সেয়ে মোচিয়ে যিহোৱাৰ আজ্ঞাৰ দৰে কৰিলে আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত সমাজ গোট খালে।
5 তেতিয়া মোচিয়ে গোট খোৱা সমাজখনক ক’লে, “যিহোৱাই এই কৰ্ম কৰিবলৈ আজ্ঞা কৰিলে।”
6 এইদৰে মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক ওচৰলৈ আনি পানীৰে গা ধুৱালে।
7 তেওঁ হাৰোণক অঙ্গৰক্ষক বস্ত্ৰখন পিন্ধালে আৰু টঙালি বন্ধা চোলাটো পিন্ধালে আৰু এফোদ পিন্ধাই, এফোদত নিপুণ ৰূপে বোৱা টঙালি কাপোৰ কঁকালত মেৰাই তাৰে সৈতে এফোদ বান্ধিলে।
8 তেওঁৰ বুকুত বুকুপতা দিলে আৰু বুকুপতাত পুৰীম আৰু তুস্মীম দিলে।
9 আৰু তেওঁৰ মূৰত পাগুৰি পিন্ধালে, আৰু পাগুৰিটোৰ ওপৰত আগফালে পবিত্ৰ মুকুটস্বৰূপ সোণৰ পচাখন লগাই দিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
10 মোচিয়ে অভিষেকাৰ্থক তেল লৈ, আবাস আৰু তাৰ সকলোকে অভিষেক কৰি পবিত্ৰ কৰিলে।
11 তাৰ পৰা অলপ তেল লৈ যজ্ঞবেদীৰ ওপৰত সাতবাৰ ছটিয়ালে আৰু বেদী আৰু তাৰ সকলো সজুলি, প্ৰক্ষালন-পাত্ৰ আৰু তাৰ খুৰা পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে।
লেবীয়া 8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019