Text copied!
Bibles in Assamese

লেবীয়া 8:18-26 in Assamese

Help us?

লেবীয়া 8:18-26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 পাছত মোচিয়ে আন এটা মতা মেৰ হোমবলিৰ বাবে লৈ আহিল; হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে মেৰৰ মূৰত হাত দিলে।
19 তেওঁ তাক কাটিলে আৰু বেদীৰ চাৰিওঁফালে তাৰ তেজ ছটিয়াই দিলে।
20 মোচিয়ে মেৰটো খণ্ড খণ্ড কৰি কাটিলে, আৰু তাৰ মূৰ, আন খণ্ডবোৰ আৰু তেল জুইত পুৰিলে।
21 তেওঁ মেৰটোৰ ভিতৰ অংশৰ নাড়ী-ভুৰু আৰু ঠেংকেইখন পানীত ধুলে, আৰু সম্পূৰ্ণ মেৰটো বেদীত পুৰিলে। এয়ে হোম-বলি, সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
22 তাৰ পাছত মোচিয়ে দ্বিতীয় মতা মেৰটো আনিলে, এইটো অভিষেকৰ মেৰ; হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰৰ মূৰত হাত দিলে।
23 হাৰোণে এইটো কটাৰ পাছত, মোচিয়ে ইয়াৰ অলপ তেজলৈ, হাৰোণৰ সোঁ কাণত, মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিটোত লগাই দিলে।
24 পাছত তেওঁ হাৰোণৰ পুত্ৰসকলক নিজৰ ওচৰলৈ আনিলে আৰু তেওঁ সেই তেজৰ অলপমান তেওঁলোকৰো সোঁ কাণত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিলে। তাৰ পাছত অৱশিষ্ট তেজখিনি বেদীৰ চাৰিওফালে ছটিয়াই দিলে।
25 পাছত তেওঁ তেল খিনি, নেজডাল, নাড়ী-ভুৰুত লাগি থকা আটাই তেল, কলিজা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ, ঘিলা দুটাৰ সৈতে তাৰ তেল আৰু পাছফালৰ সোঁ কৰঙনটো ল’লে।
26 আৰু যিহোৱাৰ সন্মূখত থকা খমীৰ নিদিয়া পিঠা, খৰাহিৰ পৰা এটা খমীৰ নিদিয়া বিন্ধা থকা পিঠা আৰু এটা পাতল চকলীয়া পিঠা লৈ, সেই তেল আৰু সোঁ কৰঙনটোৰ ওপৰত হ’ল।
লেবীয়া 8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019