Text copied!
Bibles in Assamese

লেবীয়া 7:9-19 in Assamese

Help us?

লেবীয়া 7:9-19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

9 আৰু তন্দুৰত তাও দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য আৰু কেৰাহীত ভজা, বা তাৱাত তাও দিয়া সকলো বস্তু উৎসৰ্গকাৰী পুৰোহিতৰ হ’ব।
10 তেল মিহলোৱা বা শুকান প্ৰত্যেক ভক্ষ্য নৈবেদ্য হাৰোণৰ পুত্ৰসকলে সমানে পাব।
11 যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ নিয়ম এই।
12 যদি কোনোৱে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰে, তেনেহলে তেওঁ বলিৰ সৈতে, তেল মিহলোৱা খমীৰ নিদিয়া বিন্ধা থকা কেইটামান পিঠা, তেল নিদিয়া খমীৰ কেইটামান পাতল চকলীয়া পিঠা আৰু তেলত ভজা মিহি আটাগুড়িৰে কৰা তেল মিহলোৱা বিন্ধা থকা কেইটামান পিঠা উৎসৰ্গ কৰিব।
13 ধন্যবাদ দিয়াৰ উদ্দেশ্যে নিজ মঙ্গলাৰ্থক বলিৰে সৈতে খমীৰ দিয়া বিন্ধা থকা কেইটামান পিঠাও উপহাৰ স্বৰূপে উৎসৰ্গ কৰিব।
14 আৰু তেওঁ প্ৰত্যেক উপহাৰৰ পৰা এটা এটা পিঠা লৈ, উত্তোলনীয় উপহাৰ স্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব; যি পুৰোহিতে মঙ্গলাৰ্থক বলিৰ তেজ ছটিয়াব; তেওঁৱেই তাক পাব।
15 ধন্যবাদ দিয়াৰ উদ্দেশ্যে দিয়া মঙ্গলাৰ্থক বলিৰ মাংসৰ উপহাৰ উৎসৰ্গ কৰাৰ দিনাখনে ভোজন কৰিব লাগিব; তাৰ অলপো ৰাতিপুৱালৈ ৰাখিব নোৱাৰিব।
16 কিন্তু তেওঁ উৎসৰ্গ কৰা বলি যদি সংকল্প কৰা বা নিজৰ ইচ্ছামতে এনেই দিয়া উপহাৰ হয়; তেন্তে বলি উৎসৰ্গ কৰা দিনাই তাক ভোজন কৰিব লাগিব; আৰু পাছ দিনাও তাৰ অৱশিষ্ট ভাগ ভোজন কৰিব পাৰিব।
17 কিন্তু তৃতীয় দিনা বলিৰ অৱশিষ্ট মাংস জুইত পুৰি ভস্ম কৰিব লাগিব।
18 যদি তৃতীয় দিনাও সেই মঙ্গলাৰ্থক বলিৰ অলপ মাংস ভোজন কৰে, তেন্তে সেই বলি গ্ৰহন নহব আৰু সেই বলি উৎসৰ্গকাৰীৰ পক্ষে গণিত নহব; সেয়ে ঘিণলগীয়া হ’ব।
19 যদি কোনো মঙহ অশুচি বস্তুৰ লগত স্পৰ্শ হয়, তেনেহলে সেই মঙহ খাব পৰা নহ’ব। সেয়া জুইত পুৰি ভস্ম কৰা হ’ব। আন মঙহ হ’লে, প্ৰত্যেক শুচি মানুহে খাব পাৰিব।
লেবীয়া 7 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019