19 যদি কোনো মঙহ অশুচি বস্তুৰ লগত স্পৰ্শ হয়, তেনেহলে সেই মঙহ খাব পৰা নহ’ব। সেয়া জুইত পুৰি ভস্ম কৰা হ’ব। আন মঙহ হ’লে, প্ৰত্যেক শুচি মানুহে খাব পাৰিব।
20 যি কোনোৱে অশুচি হৈ থাকি যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰিব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
21 কোনোৱে যদি কোনো অশুচি দ্ৰব্য- মানুহৰ অশৌচ বা অশুচি পশু বা কোনো অশুচি ঘিণলগীয়া বস্তু চুই, যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰে, তেন্তে সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”
22 পাছত যিহোৱাই মোচিক ক’লে,
23 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘তোমালোকে গৰুৰ, কি মেৰৰ, কি ছাগলীৰ তেল নাখাবা।
24 আৰু নিজে-নিজেই মৰা বা জন্তুৰ দ্বাৰাই চিৰা পশুৰ তেল কোনো কামত লগাব পাৰা, কিন্তু তাক তোমালোকে কোনোমতে নাখাবা।
25 কিয়নো যিকোনো পশুৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰা যায়, সেই পশুৰ তেল যি কোনোৱে খাব, সেই খোৱা জনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
26 আৰু তোমালোকে বাস কৰা কোনো ঠাইত, পক্ষীৰে হওঁক বা পশুৰেই হওঁক, তোমালোকে একোৰেই তেজ নাখাবা।
27 যি কোনোৱে কোনো ধৰণৰ তেজ খাব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”
28 পাছত যিহোৱাই মোচিক ক’লে,
29 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘যি জনে যিহোৱাৰ উদ্দেশ্যে নিজৰ মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব, সেই জনে নিজৰ মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে নিজ উপহাৰ আনিব।
30 তেওঁ নিজ হাতে যিহোৱাৰ অগ্নিকৃত উপহাৰ আনিব। দোলনীয় নৈবেদ্য স্বৰূপে বলিৰ আমঠু যিহোৱাৰ সন্মূখত দোলোৱা হবলৈ, আমঠুৱে সৈতে তেওঁ তেলখিনি আনিব।