Text copied!
Bibles in Assamese

লেবীয়া 7:18-33 in Assamese

Help us?

লেবীয়া 7:18-33 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 যদি তৃতীয় দিনাও সেই মঙ্গলাৰ্থক বলিৰ অলপ মাংস ভোজন কৰে, তেন্তে সেই বলি গ্ৰহন নহব আৰু সেই বলি উৎসৰ্গকাৰীৰ পক্ষে গণিত নহব; সেয়ে ঘিণলগীয়া হ’ব।
19 যদি কোনো মঙহ অশুচি বস্তুৰ লগত স্পৰ্শ হয়, তেনেহলে সেই মঙহ খাব পৰা নহ’ব। সেয়া জুইত পুৰি ভস্ম কৰা হ’ব। আন মঙহ হ’লে, প্ৰত্যেক শুচি মানুহে খাব পাৰিব।
20 যি কোনোৱে অশুচি হৈ থাকি যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰিব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
21 কোনোৱে যদি কোনো অশুচি দ্ৰব্য- মানুহৰ অশৌচ বা অশুচি পশু বা কোনো অশুচি ঘিণলগীয়া বস্তু চুই, যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰে, তেন্তে সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”
22 পাছত যিহোৱাই মোচিক ক’লে,
23 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘তোমালোকে গৰুৰ, কি মেৰৰ, কি ছাগলীৰ তেল নাখাবা।
24 আৰু নিজে-নিজেই মৰা বা জন্তুৰ দ্বাৰাই চিৰা পশুৰ তেল কোনো কামত লগাব পাৰা, কিন্তু তাক তোমালোকে কোনোমতে নাখাবা।
25 কিয়নো যিকোনো পশুৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰা যায়, সেই পশুৰ তেল যি কোনোৱে খাব, সেই খোৱা জনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
26 আৰু তোমালোকে বাস কৰা কোনো ঠাইত, পক্ষীৰে হওঁক বা পশুৰেই হওঁক, তোমালোকে একোৰেই তেজ নাখাবা।
27 যি কোনোৱে কোনো ধৰণৰ তেজ খাব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”
28 পাছত যিহোৱাই মোচিক ক’লে,
29 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘যি জনে যিহোৱাৰ উদ্দেশ্যে নিজৰ মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব, সেই জনে নিজৰ মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে নিজ উপহাৰ আনিব।
30 তেওঁ নিজ হাতে যিহোৱাৰ অগ্নিকৃত উপহাৰ আনিব। দোলনীয় নৈবেদ্য স্বৰূপে বলিৰ আমঠু যিহোৱাৰ সন্মূখত দোলোৱা হবলৈ, আমঠুৱে সৈতে তেওঁ তেলখিনি আনিব।
31 আৰু পুৰোহিতে সেই তেল বেদীৰ ওপৰত দগ্ধ কৰিব; কিন্তু আমঠুটো হাৰোণৰ আৰু তেওঁ পুত্ৰসকলৰ হ’ব।
32 আৰু তোমালোকে নিজ নিজ মঙ্গলাৰ্থক বলিৰ সোঁ কৰঙন অংশটো উত্তোলনীয় উপহাৰৰ অৰ্থে পুৰোহিতক দিবা।
33 হাৰোণৰ পুত্ৰসকলৰ মাজৰ যি জনে মঙ্গলাৰ্থক বলিৰ তেজ আৰু তেল উৎসৰ্গ কৰিব, তেওঁ নিজৰ অঙ্গ স্বৰূপে সেই সোঁ কৰঙনটো পাব।
লেবীয়া 7 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019