Text copied!
Bibles in Assamese

লেবীয়া 6:22-26 in Assamese

Help us?

লেবীয়া 6:22-26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 পাছত হাৰোণৰ পুত্ৰসকলৰ মাজৰ যি জন তেওঁৰ পদত অভিষিক্ত পুৰোহিত হ’ব, তেওঁ ইয়াক উৎসৰ্গ কৰিব। ইয়াক যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণৰূপে দগ্ধ কৰা হ’ব; এয়ে চিৰস্থায়ী বিধি।
23 পুৰোহিতে দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য সম্পূৰ্ণৰূপে দগ্ধ কৰিব লাগিব, তাৰ একোকে খাব নালাগিব।”
24 যিহোৱাই মোচিক ক’লে,
25 “তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা, ‘পাপাৰ্থক বলিদানৰ নিয়ম এই: যি ঠাইত হোমবলি কটা হ’ব, সেই ঠাইতে যিহোৱাৰ সন্মূখত পাপাৰ্থক বলিও কটা হ’ব; সেয়ে অতি পবিত্ৰ।
26 যি পুৰোহিতে পাপৰ অৰ্থে তাক উৎসৰ্গ কৰিব, তেৱেঁই তাক ভোজন কৰিব; সাক্ষাৎ কৰা তম্বুৰ চোতালত কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব।
লেবীয়া 6 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019