Text copied!
Bibles in Assamese

লেবীয়া 4:5-10 in Assamese

Help us?

লেবীয়া 4:5-10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 তেতিয়া সেই অভিষিক্ত পুৰোহিত জনে দমৰা ষাঁড়-গৰুটোৰ অলপ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ আনিব।
6 আৰু পুৰোহিত জনে সেই তেজত নিজৰ আঙুলি জুবুৰিয়াই পবিত্ৰ স্থানৰ প্ৰভেদক বস্ত্ৰৰ আগফালে যিহোৱাৰ সন্মুখত সাতবাৰ তাৰ কিছু তেজ ছটিয়াই দিব।
7 পুৰোহিত জনে তাৰে কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ ভিতৰত যিহোৱাৰ সন্মুখত থকা সুগন্ধি ধূপৰ বেদীৰ শিঙত লগাব; তেওঁ ভতৰা গৰুটোৰ বাকী তেজখিনি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত থকা হোম-বেদিৰ মূলত ঢালি দিব।
8 আৰু পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা ষাঁড়-গৰুটোৰ আটাইবোৰ তেল এৰুৱাই ল’ব; তাৰ নাড়ী-ভুৰু ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল,
9 ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ - তেওঁ এই সকলো এৰুৱাই ল’ব।
10 মঙ্গলাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা ষাঁড়-গৰুটোৰ তেল যেনেকৈ এৰুৱাই লয়, তেনেকৈ এইটোৰো এৰুৱাই ল’ব। তেতিয়া পুৰোহিতে সেই সকলো হোমবেদিৰ ওপৰত দগ্ধ কৰিব।
লেবীয়া 4 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019