Text copied!
Bibles in Assamese

লেবীয়া 4:24-35 in Assamese

Help us?

লেবীয়া 4:24-35 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

24 তেওঁ সেই ছাগলীটোৰ মূৰত হাত দিব আৰু হোম-বলি কটা ঠাইত যিহোৱাৰ সাক্ষাতে তাক কাটিব; সেয়ে পাপাৰ্থক বলি।
25 তেতিয়া পুৰোহিতে নিজ আঙুলিৰে সেই পাপাৰ্থক বলিৰ অলপ তেজ লৈ, হোমবেদীৰ শিঙত লগাব; আৰু অৱশিষ্ট তেজ খিনি হোমবেদিৰ মূলত ঢালি দিব।
26 তেওঁ মঙ্গলাৰ্থক বলিৰ তেলৰ দৰে তাৰ আটাই তেল বেদীত দগ্ধ কৰিব। এইদৰে পুৰোহিতে শাসনকৰ্তা জনৰ পাপ-মোচনৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেতিয়া তেওঁৰ পাপৰ ক্ষমা হ’ব।
27 আৰু সাধাৰণ লোকসকলৰ মাজৰ যদি কোনোৱে নজনাকৈ পাপ কৰে; যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰে, আৰু সেই পাপত যদি তেওঁ দোষী হয়,
28 তেন্তে নিজে কৰা পাপ যেতিয়া তেওঁৰ জ্ঞাত হ’ব, তেতিয়া নিজে কৰা সেই পাপৰ কাৰণে নিজ উপহাৰ স্বৰূপে তেওঁ জাকৰ মাজৰ পৰা এজনী নিৰ্ঘূণী ছাগলী আনিব।
29 তেওঁ সেই পাপাৰ্থক বলিৰ মূৰত হাত দিব আৰু হোম-বলি কটা ঠাইত সেই পাপাৰ্থক বলি কাটিব।
30 তেতিয়া পুৰোহিতে আঙুলিৰে তাৰ কিছু তেজ লৈ, হোমবেদিৰ শিঙত লগাব আৰু তাৰ অৱশিষ্ট তেজখিনি বেদিৰ মূলত ঢালি দিব।
31 আৰু মঙ্গলাৰ্থক বলিৰ পৰা তেল এৰুৱাই লোৱাৰ দৰে তাৰো আটাইবোৰ তেল এৰুৱাই ল’ব; তাৰ পাছত পুৰোহিতে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে সেই লোক জনৰ পাপৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁৰ পাপ ক্ষমা হ’ব।
32 যদি তেওঁ পাপাৰ্থক বলিৰ উপহাৰ স্বৰূপে মেৰ-ছাগ পোৱালি আনে, তেন্তে তেওঁ এজনী নিৰ্ঘূণী চেঁউৰী মেৰ-ছাগ আনিব।
33 তাৰ পাছত তেওঁ সেই পাপাৰ্থক বলিৰ মূৰত হাত দিব আৰু হোমবলি কটা ঠাইত পাপাৰ্থক বলি স্বৰূপে তাক কাটিব।
34 পুৰোহিতে নিজ আঙুলিৰে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ হোম-বেদিৰ শিঙত লগাব আৰু অৱশিষ্ট তেজখিনি বেদিৰ মূলত ঢালি দিব।
35 তেওঁ মঙ্গলাৰ্থক বলিৰ মেৰ-ছাগ পোৱালিটোৰ তেল এৰুৱাই লোৱাৰ দৰে ইয়াৰো আটাইবোৰ তেল এৰুৱাই ল’ব আৰু যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰৰ বিধি মতে পুৰোহিতে বেদীত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে লোক জনে কৰা পাপৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁৰ পাপৰ ক্ষমা হ’ব।”
লেবীয়া 4 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019