Text copied!
Bibles in Assamese

লেবীয়া 4:16-21 in Assamese

Help us?

লেবীয়া 4:16-21 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 তেতিয়া অভিষিক্ত পুৰোহিত জনে ষাঁড়-গৰুটোৰ কিছু তেজ লৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ আনিব;
17 আৰু পুৰোহিত জনে সেই তেজত নিজ আঙুলি জুবুৰিয়াই, তাৰ কিছু তেজ প্ৰভেদক বস্ত্ৰৰ আগফালে যিহোৱাৰ সন্মুখত সাতবাৰ ছটিয়াব।
18 তেওঁ সেই তেজৰ পৰা কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ ভিতৰত যিহোৱাৰ সন্মুখত থকা বেদীৰ শিঙত লগাব, আৰু অৱশিষ্ট থকা তেজখিনি তেওঁ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থকা হোমবেদিৰ মূলত ঢালি দিব।
19 তেওঁ সেই বলিৰ পৰা তাৰ আটাইবোৰ তেল এৰুৱাই ল’ব আৰু বেদীৰ ওপৰত তাক দগ্ধ কৰিব।
20 তেওঁ সেই দমৰা ষাঁড়-গৰুটোকো এইদৰে কৰিব। পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা গৰুটো যেনেকৈ কৰে, তেনেকৈ ষাঁড়-গৰুটোকো কৰিব। এইদৰে পুৰোহিত জনে লোকসকলক প্ৰায়শ্চিত্ত কৰিব আৰু তেতিয়া তেওঁলোকৰ পাপ ক্ষমা হ’ব।
21 তেওঁ সেই ষাঁড়-গৰুটো চাউনিৰ বাহিৰলৈ নি প্ৰথম গৰুটোৰ নিচিনাকৈ তাকো পুৰি ভষ্ম কৰিব লাগিব; এয়েই সমাজৰ পাপাৰ্থক বলি।
লেবীয়া 4 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019