Text copied!
Bibles in Assamese

লেবীয়া 4:12-20 in Assamese

Help us?

লেবীয়া 4:12-20 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 ষাঁড়-গৰুটোৰ ৰৈ যোৱা সকলো অৱশিষ্ট অংশ ছাউনিৰ বাহিৰত মোৰ কাৰণে, সেই শুচি কৰা ছাঁই পেলোৱা ঠাইলৈ লৈ আনিব; আনিব; আৰু সেইবোৰ কাঠৰ ওপৰত তুলি জুইত জ্বলাই ভষ্ম কৰিব লাগিব, আৰু সেইবোৰ ছাঁই পেলাই দিয়া ঠাইতহে পুৰি ভষ্ম কৰিব লাগিব।
13 ইস্ৰায়েলী লোকসকলে যদি নজনাকৈ পাপ কৰে আৰু যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰাৰ বিষয়ে যদি সমাজে নেদেখাকৈ থাকে, আৰু তেওঁলোক যদি দোষী হয়,
14 আৰু ইস্ৰায়েলী লোকসকলে কৰা সেই পাপ যেতিয়া প্ৰকাশ পাব, তেতিয়া তেওঁলোকে পাপাৰ্থক বলি স্বৰূপে এটা দমৰা ষাঁড়-গৰু উৎসৰ্গ কৰিব আৰু তেওঁলোকে তাক সাক্ষাৎ কৰা তম্বুৰ সন্মুখলৈ আনিব।
15 তেতিয়া সমাজৰ পৰিচাৰকসকলে যিহোৱাৰ সন্মুখত সেই ষাঁড়-গৰুটোৰ মূৰত হাত দিব আৰু তেওঁলোকৰ এজনে যিহোৱাৰ সন্মুখত তাক কাটিব।
16 তেতিয়া অভিষিক্ত পুৰোহিত জনে ষাঁড়-গৰুটোৰ কিছু তেজ লৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ আনিব;
17 আৰু পুৰোহিত জনে সেই তেজত নিজ আঙুলি জুবুৰিয়াই, তাৰ কিছু তেজ প্ৰভেদক বস্ত্ৰৰ আগফালে যিহোৱাৰ সন্মুখত সাতবাৰ ছটিয়াব।
18 তেওঁ সেই তেজৰ পৰা কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ ভিতৰত যিহোৱাৰ সন্মুখত থকা বেদীৰ শিঙত লগাব, আৰু অৱশিষ্ট থকা তেজখিনি তেওঁ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থকা হোমবেদিৰ মূলত ঢালি দিব।
19 তেওঁ সেই বলিৰ পৰা তাৰ আটাইবোৰ তেল এৰুৱাই ল’ব আৰু বেদীৰ ওপৰত তাক দগ্ধ কৰিব।
20 তেওঁ সেই দমৰা ষাঁড়-গৰুটোকো এইদৰে কৰিব। পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা গৰুটো যেনেকৈ কৰে, তেনেকৈ ষাঁড়-গৰুটোকো কৰিব। এইদৰে পুৰোহিত জনে লোকসকলক প্ৰায়শ্চিত্ত কৰিব আৰু তেতিয়া তেওঁলোকৰ পাপ ক্ষমা হ’ব।
লেবীয়া 4 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019