Text copied!
Bibles in Assamese

লেবীয়া 2:7-16 in Assamese

Help us?

লেবীয়া 2:7-16 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 আৰু যদি কেৰাহীত ভজা ভক্ষ্য নৈবেদ্য তোমাৰ উপহাৰ হয়, তেন্তে তেলত ভাজি মিহি আটাগুড়িৰে কৰিব লাগিব।
8 এইবোৰ নিয়মৰ কোনো নিয়মৰে যুগুত কৰা ভক্ষ্য নৈবেদ্য তুমি যিহোৱাৰ উদ্দেশ্যে আনিবা; আৰু তাক পুৰোহিতক দিয়া হব। তেতিয়া তেওঁ তাক বেদীৰ ওচৰলৈ আনিব।
9 পুৰোহিত জনে সেই নৈবেদ্যৰ স্মৰণাৰ্থক অংশ লৈ বেদীত দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
10 আৰু সেই নৈবেদ্যৰ বাকীখিনি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ হ’ব; যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে অতি পবিত্ৰ।
11 তোমালোকে যিহোৱাৰ উদ্দেশ্যে যি কোনো ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা, তাক খমীৰেৰে যুগুত কৰা হ’ব নালাগে; কিয়নো খমীৰ বা মৌ ইয়াৰে একোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তোমালোকে দগ্ধ নকৰিবা।
12 তোমালোকে প্ৰথম ফলৰ উপহাৰ বুলি তাক যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব পাৰা; কিন্তু সুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক তোলা নাযাব।
13 আৰু তুমি নিজ ভক্ষ্য নৈবেদ্যৰ প্ৰত্যেক উপহাৰত লোণ সানিবা; তুমি নিজ ভক্ষ্য নৈবেদ্যত, নিজ ঈশ্বৰৰ নিয়মটিৰ চিন যি লোণ, তাক দিবলৈ ক্রুটি নকৰিবা; তোমাৰ সকলো উপহাৰবোৰ লোণে সৈতে উৎসৰ্গ কৰিবা।
14 তুমি যদি যিহোৱাৰ উদ্দেশ্যে শস্যৰ প্ৰথম ফলৰ নৈবেদ্য স্বৰূপে জুইত পোৰা থোক, অৰ্থাৎ মোহাৰি উলিওৱা শস্যৰ নতুন গুটি উৎসৰ্গ কৰিবা।
15 তাৰ পাছত তুমি তাৰ ওপৰত তেল আৰু ধূপ-ধূনা দিবা; সেয়ে ভক্ষ্য নৈবেদ্য।
16 পাছত পুৰোহিতে তাৰ স্মৰণাৰ্থক অংশ বুলি কিছু মোহৰা শস্য, কিছু তেল আৰু আটাইখিনি ধূপ-ধূনা দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিতকৃত উপহাৰ।
লেবীয়া 2 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019