Text copied!
Bibles in Assamese

লেবীয়া 27:3-11 in Assamese

Help us?

লেবীয়া 27:3-11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 তেন্তে বিশ বছৰতকৈ অধিক আৰু ষাঠি বছৰতকৈ কম বয়স হোৱা পুৰুষৰ কাৰণে হ’লে, পবিত্ৰ স্থানৰ চেকল অনুসাৰে তোমাৰ নিৰূপিত মূল্য পঞ্চাশ চেকল ৰূপ হ’ব।
4 কিন্তু স্ত্ৰীৰ বাবে হ’লে, তোমাৰ নিৰূপিত মূল্য ত্ৰিশ চেকল হ’ব।
5 আৰু যদি পাঁচ বছৰতকৈ অধিক আৰু বিশ বছৰতকৈ কম বয়সীয়া হয়, তেন্তে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য বিশ চেকল হ’ব আৰু স্ত্রীৰ বাবে দহ চেকল হ’ব।
6 আৰু যদি এমাহতকৈ অধিক আৰু পাঁচ বছৰতকৈ কম বয়সীয়া হয়, তেন্তে ল’ৰাৰ বাবে তোমাৰ নিৰূপিত মূল্য পাঁচ চেকল হ’ব আৰু ছোৱালীৰ বাবে তিনি চেকল ৰূপ হ’ব।
7 আৰু যদি ষাঠি বছৰ ও তাতকৈ অধিক বয়সীয়া হয়, তেনেহলে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য পোন্ধৰ চেকল আৰু স্ত্ৰীৰ বাবে দহ চেকল ৰূপ হ’ব।
8 কিন্তু যদি লোকজন দুখীয়া হয় আৰু তুমি নিৰূপণ কৰা মূল্য তেওঁ দিবলৈ যদি অক্ষম হয়, তেন্তে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব; সঙ্কল্প কৰা লোকজনৰ সমৰ্থ অনুসাৰে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব।
9 আৰু যদি যিহোৱাৰ উদ্দেশ্যে কোনো পশু উৎসৰ্গ কৰিবলৈ খোজে আৰু সেই পশু যদি যিহোৱাৰ দৃষ্টিত গ্রহণযোগ্য হয়, তেন্তে সেই পশু সম্পূর্ণৰূপে তেওঁৰ হ’ব।
10 তেওঁ তাৰ অন্যথা বা সলনি নকৰিব, বেয়াৰ সলনি ভাল বা ভালৰ সলনি বেয়া নিদিব; যদি তেওঁ কোনো ৰূপে পশু সলনি কৰে, তেন্তে সেইটো আৰু তাৰ সলনি দিয়াটো পবিত্ৰ হ’ব।
11 আৰু যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব নোৱাৰা কোনো অশুচি পশু যদি হয়, তেন্তে তেওঁ সেই পশু পুৰোহিতৰ ওচৰলৈ আনিব।
লেবীয়া 27 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019