Text copied!
Bibles in Assamese

লেবীয়া 27:20-25 in Assamese

Help us?

লেবীয়া 27:20-25 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 কিন্তু যদি তেওঁ সেই মাটি মুকলি নকৰে বা যদি আন কোনোজনক বেচি দিয়ে, তেন্তে তাক আৰু মোকলোৱা নাযাব।
21 কিন্তু সেই মাটি যোৱেল বছৰত মুকলি হৈ, বৰ্জিত কৰি দিয়া মাটিৰ নিচিনাকৈ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; আৰু তাত পুৰোহিতৰহে অধিকাৰ থাকিব।
22 আৰু যদি কোনোৱে নিজৰ পৈত্রিক ভুমিৰ বাহিৰে নিজে কিনি লোৱা মাটি এডোখৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰে,
23 তেন্তে যোৱেল বছৰলৈকে তুমি নিৰূপণ কৰা মূল্য পুৰোহিতে তাক হিচাপ কৰা দিব; তেওঁ সেই দিনাই, যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হোৱা বস্তুৰূপে তোমাৰ নিৰূপিত মূল্য দিব।
24 সেই মাটি যাৰ পৰা কিনা হৈছিল, তেওঁ, সেই মাটিৰ যাৰ স্বত্ত্ব আছিল, তেওঁৱেই যোৱেল বছৰত তাক পুনৰায় পাব।
25 আৰু তুমি নিৰূপণ কৰা আটাই মূল্য পবিত্ৰ স্থান চেকল অনুসাৰে হব; বিশ গেৰাই এক চেকল হয়।
লেবীয়া 27 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019