Text copied!
Bibles in Assamese

লেবীয়া 27:10-17 in Assamese

Help us?

লেবীয়া 27:10-17 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 তেওঁ তাৰ অন্যথা বা সলনি নকৰিব, বেয়াৰ সলনি ভাল বা ভালৰ সলনি বেয়া নিদিব; যদি তেওঁ কোনো ৰূপে পশু সলনি কৰে, তেন্তে সেইটো আৰু তাৰ সলনি দিয়াটো পবিত্ৰ হ’ব।
11 আৰু যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব নোৱাৰা কোনো অশুচি পশু যদি হয়, তেন্তে তেওঁ সেই পশু পুৰোহিতৰ ওচৰলৈ আনিব।
12 সেই পশুৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে বজাৰ দৰৰূপে মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
13 গৰাকীয়ে যদি কোনো ৰূপে তাক মুকলি কৰিব খোজে, তেন্তে তেওঁ তোমাৰ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব।
14 আৰু যদি কোনো লোকে তেওঁৰ ঘৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হবলৈ ইচ্ছা কৰে, তেন্তে সেই ঘৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
15 আৰু গৰাকীয়ে তেওঁ পবিত্ৰ কৰা ঘৰ যদি মোকলাব খোজে, তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব; আৰু তেতিয়া সেই ঘৰ তেওঁৰ হ’ব।
16 আৰু যদি কোনোৱে নিজৰ আধিপত্যৰ মাটি কোনো এভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব খোজে, তেন্তে তাত সিচাঁ কঠিয়া অনুসাৰে তোমাৰ নিৰূপিত মূল্য হব। এক হোমৰ যৱ সিঁচিবা পৰা মাটিৰ মূল্য পঞ্চাশ চেকল ৰূপ হ’ব।
17 যদি তেওঁ যোৱেল বছৰ যোৱা মাত্ৰকে নিজৰ সেই ডোখৰ মাটি পবিত্ৰ কৰে, তেন্তে তোমাৰ নিৰূপিত মূল্য অনুসাৰে সেয়ে স্থিৰ হ’ব।
লেবীয়া 27 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019