Text copied!
Bibles in Assamese

লেবীয়া 26:9-20 in Assamese

Help us?

লেবীয়া 26:9-20 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

9 মই তোমালোকলৈ অনুগ্রহেৰে দৃষ্টি কৰি তোমালোকক বহুবংশ কৰিম; আৰু অতিশয়ৰূপে বৃদ্ধি কৰিম; আৰু মই তোমালোকৰ লগত কৰা মোৰ নিয়মটি সিদ্ধ কৰিম।
10 আৰু তোমালোকে বহুদিনৰ পৰা সাঁচি থোৱা পুৰণি শস্য ভোজন কৰিবা, আৰু নতুন শস্য থবলৈ পুৰণি শস্য বোৰ উলিয়াবা।
11 মই তোমালোকৰ মাজত মোৰ আবাস স্থাপন কৰিম, আৰু মোৰ মনে তোমালোকক ঘিণ নকৰিব।
12 আৰু মই তোমালোকৰ মাজত অহা-যোৱা কৰি, তোমালোকৰ ঈশ্বৰ হম আৰু তোমালোক মোৰ প্ৰজা হ’বা।
13 মিচৰীয়াসকলৰ বন্দী নহবৰ কাৰণে যিজনাই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ যিহোৱা মই; মই তোমালোকৰ যুৱলিৰ শ’লমাৰি ভাঙি, তোমালোকক মূৰ দঙাই গমণ কৰিলোঁ।
14 কিন্তু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া, মোৰ এই সকলো আজ্ঞামতে কাৰ্য নকৰা,
15 মোৰ বিধি অগ্ৰাহ্য কৰা, আৰু মনতে মোৰ শাসন-প্ৰণালীবোৰ ঘিণ কৰি মোৰ আজ্ঞামতে কাৰ্য নকৰা, কিন্তু মোৰ নিয়মটি লঙ্ঘন কৰা;
16 তেন্তে তোমালোকে এনে কৰাত মইও তোমালোকলৈ এইদৰে আচৰণ কৰিম: মই তোমালোকৰ ওপৰত চকু নাশকাৰী আৰু প্ৰাণ ক্ষয়কাৰী ব্যাকুলতা, যক্ষ্মাৰোগ আৰু পোৰণি জ্বৰ নিৰূপণ কৰিম; আৰু তোমালোকে মিছায়ে গুটি ববা; কিয়নো তোমালোকৰ শত্ৰুৱে সেইবোৰ খাব।
17 আৰু মই তোমালোকলৈ কোন্দোৱাকৈ চাম, তাতে তোমালোক তোমালোকৰ শত্ৰুবোৰৰ আগত ঘাটিবা, তোমালোকক ঘিণাওঁতাবোৰে তোমালোকৰ ওপৰত শাসন কৰিব, আৰু কোনেও তোমালোকক নেখেদিলেও তোমালোক পলাই যাবা।
18 আৰু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া তেন্তে মই তোমালোকৰ পাপৰ কাৰণে তোমালোকক আৰু সাতগুণ দণ্ড দিম।
19 মই তোমালোকৰ গৰ্ব্ব খৰ্ব্ব কৰিম, আৰু তোমালোকৰ আকাশ লোহা যেন, আৰু মাটি পিতল যেন কৰিম।
20 তাতে তোমালোকৰ পৰিশ্ৰম বিফল হ’ব; কিয়নো তোমালোকৰ ভুমিয়ে শস্য উৎপন্ন নকৰিব; আৰু দেশৰ গছবোৰত গুটি নালাগিব।
লেবীয়া 26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019